Fearless Press

লখিমপুৰত জলজীৱন মিচনৰ ১ কোটি ১০ লাখ টকা ব্যয় সাপেক্ষ আঁচনিৰ নামত প্ৰহসন দীর্ঘদিন ধৰি আধৰুৱা অৱস্থাত পথাৰৰ পানী যোগান আঁচনি, ঠিকাদাৰে সম্পূৰ্ণ কৰা নাই আঁচনিৰ কাম

লখিমপুৰ, ১৪ মে ;ঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জলজীৱন মিচনৰ অধীনত ৰূপায়ণ কৰা পানী যোগান আঁচনিসমূহৰ একাংশ আঁচনিৰ নিম্নমানৰ কাম-কাজে জনসাধাৰণক চিন্তিত কৰি তুলিছে৷ এই আঁচনিসমূহ ৰূপায়ণৰ দায়িত্বত থকা একাংশ ঠিকাদাৰে নিম্ন মানৰ কামেৰে আঁচনি নিৰ্মাণৰ কাম সামৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীৰ কৃপাত কোটি কোটি টকা সৰকাই নিয়াৰ তথ্য পোহৰলৈ অহাৰ সমান্তৰালকৈ বহু আঁচনিৰ নামত বিৰাট প্ৰহসনৰ সৃষ্টি কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা আঁচনিৰ কামৰ দায়িত্ববাহী ঠিকাদাৰে । এই ক্ষেত্ৰত বিশেষকৈ লখিমপুৰ সংমণ্ডলৰ অধীনস্থ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকা নগাঁও পথাৰত ১ কোটি ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান সম্পূৰ্ণ হবলগা জলজীৱন মিছনৰ আঁচনিখন আজি প্ৰায় ২ বছৰ ধৰি সম্পূৰ্ণ নোহোৱাত আঁচনিখনৰ নামত ৰাইজক প্ৰতাৰণা কৰৰহে অভিযোগ উঠিছে ।।জলজীৱন আঁচনিখনৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰে দীৰ্ঘদিন ধৰি আঁচনিখনৰ কাম আধৰুৱা অৱস্থাত পেলাই ৰখাত ৰাইজ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে । বিভাগীয় বিষয়া কৰ্মচাৰীৰ কৃপাত নিম্নমানৰ কাম কৰিয়েই আঁচনিৰ কাম এৰাত বিভাগীয় কৰ্তৃপক্ষও সমস্যাত পৰিছে বুলি জানিব পৰা গৈছে । এই ক্ষেত্ৰত বিভাগে বাৰম্বাৰ জাননী দিওঁ ঠিকাদাৰৰ জৰিয়তে কাম সম্পূৰ্ণ কৰাব পৰা নাই । স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত সাংবাদিকৰ চৰজমিন তদন্তত এই কথা পোহৰলৈ আহিছে৷ ঠিকাদাৰগৰাকীয়ে আঁচনিৰ গৃহ , পাইপ লাইনবোৰ বিভাগীয় নিৰ্দেশনা অনুসৰি কাম নকৰি আধৰুৱা অৱস্থাত পেলাই ৰাখিছে । আধৰুৱা কৈ কৰা কামৰ ক্ষেত্ৰতো স্থানীয় নদীৰ শিল বালি ব্যৱহাৰ অতি নিম্ন মানদণ্ডৰে কাম কৰাৰ অভিযোগ ৰাইজৰ মুখে মুখে । জানিব পৰা মতে – এই আঁচনিৰ কামৰ দায়িত্ব লাভ কৰিছিল পবিত্র বৰুৱা নামৰ ঘিলামৰাৰ এগৰাকী ঠিকাদাৰে । এনেদৰে পালমৰা কামেৰে চৰকাৰৰ অভিলাষী আঁচনিৰ ধন আত্মসাৎ কৰাক লৈ স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে এনে এটা বিয়াগোম বিভাগৰ অভিযন্তা বিষয়া কৰ্মচাৰী থকাৰ পিছতো কেনেকৈ নিম্ন মানৰ কামেৰ ঠিকাদাৰে দায়িত্ব সামৰিছে সেয়া লক্ষণীয় হৈছে

Exit mobile version