লখিমপুৰ ,ষ্টাফ ৰিপটাৰ ২৫ মে ; লখিমপুৰত খেলমাটি আৰক্ষী চকী আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত আৰক্ষীৰ ব্যাপক অভিযান অব্যাহত আছে । আৰক্ষীয়ে দিনে নিশাই অভিযান চলাই আৰক্ষী চকী আক্ৰমণ কাৰী ১৫ জনক কালি নিশা গ্ৰেপ্তাৰ কৰিছে । এই সন্দৰ্ভত উত্তৰ লখিমপুৰ সদৰ থানাত 141/24 নং ধাৰাত পঞ্জীয়ন হৈছে গোচৰ ।ভাৰতীয় দণ্ডবিধি আইনৰ 120(B), 143 ,147 326, 307 ,338 ,333 , ৰাজহুৱা সম্পত্তি ধংস আইন 4 ৰ অধীনত গ্ৰেপ্তাৰ কৰিছে সকলোকে ।গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে দুজন নাবালক কিশোৰ । আজি উত্তৰ লখিমপুৰ সদৰ থানাত এক সংবাদমেল আয়োজন কৰি সমগ্ৰ তথ্য সদৰী কৰিলে লখিমপুৰ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লব কুমাৰ ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ ) নয়নমণি বৰ্মন , আৰক্ষী বিষয়া ডেইজি গগৈয়ে ।
আনহাতে আৰক্ষী চকী আক্ৰমণৰ মূল নায়ক জাহাংগীৰ আলিক আৰক্ষীয়ে ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈছে আৰু ১১ জনক আজি জেললৈ প্ৰেৰণ কৰাৰ বিপৰীতে আন দুজনক আৰক্ষীয়ে সোধা পোছা কৰি আছে । ইপিনে দুই কিশোৰক যোৰহাটৰ জুভেনাইল হোমলৈ প্ৰেৰণ কৰিছে । আৰক্ষীয়ে তীব্ৰ অভিযানৰ অন্তত গ্ৰেপ্তাৰ কৰা যুৱক কেইজন হৈছে মালেক আলি , মনিৰুল ইছলাম , চাজাহান আলম, চনী আহমেদ, পাপু খান, মোবাৰক আলি, মজিবুৰ ৰহমান, আজিজুৰ ৰহমান, কাচেম আলি, বাহাৰুল ইছলাম , আনৰুল ওৰফে আনৰ ইছলাম , মফুজুৰ ৰহমান , আৰু দুজন নাবালক কিশোৰ । উল্লেখ যে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা জাহাঙ্গীৰ আলিৰ ঘৰ বিহাৰত । তেওঁ লখিমপুৰৰ ২ নং চাপৰি গাঁৱত ভাৰতীয় হিচাপে থাকি বিভিন্ন অসমাজিক কাম কাজত জড়িত আছিল আৰু অপৰাধীটোক প্ৰতিবাদকাৰীয়ে দুষ্কাৰ্য সংঘটিত কৰিবলৈ মাতি অনা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল । গ্ৰেপ্তাৰ হোৱা এই যুৱক সকলে লখিমপুৰ খেলমাটি আৰক্ষী চকীত আচামীৰ মৃত্যু হোৱাক কেন্দ্রকৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল । উত্তেজিত প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ নিক্ষেপ কৰিছিল শিলগুটি । ঘ্টনাত আহত হৈছিল কেইবাগৰাকীও সাংবাদিক আৰু আৰক্ষীৰ লোক । সমান্তৰালকৈ শিলগুটিৰে ক্ষতিগ্রস্ত কৰিছিল আৰক্ষীৰ গাড়ী । উত্তেজিত প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা মাষ্টাৰমাইণ্ড জাহাঙ্গীৰ আলিক ঘটনাৰ দিনাই আটক কৰিছিল আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত আৰু বহুলোকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাবনা আছে
লখিমপুৰ খেলমাটিত আৰক্ষী চকী আক্ৰমণৰ ঘটনা ১৫ জনক গ্ৰেপ্তাৰ ১১ জনক জেললৈ , দুই নাবালক কিশোৰক যোৰহাটৰ জুভেনাইল হোমলৈ প্ৰেৰণ
