Fearless Press

লখিমপুৰৰ সোৱণশিৰিত ভয়ংকৰ ব্ৰজপাতত ১৭ টা গৰুৰ মৃত্যুঃ কৃষক পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিঃ

Jngলখিমপুৰ, ,২৭ জুনঃলখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত  সোৱণশিৰিৰ বালি চাপৰিত ভয়ংকৰ ব্ৰজপাতত মুঠ ১৭ টা গো-ধন তথা গৰুৰ মৃত্যু হৈছে ৷ ইয়াকে  লৈ নৈপৰীয়া কৃষিজীৱি ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ ঘটনাৰ বিৱৰণি মতে সোৱণশিৰিৰ বালি চাপৰি গাঁৱৰ ৰাইজে প্ৰতিটো দিনে শ শ গৰুকে ধৰি নিজৰ অন্য পোহনীয়া জন্তুসমূহ খাদ্যৰ বাবে সোৱণশিৰি নদীৰ চাপৰিত এৰি দিয়ে ৷ আজিও পোহনীয়া জন্তুসমূহ সোৱণশিৰি নদীৰ চাপৰিত এৰি দিয়া হৈছিল ৷ কিন্তু বিয়লি ১ বজাত হোৱা কেবাটাও তীব্ৰ ব্ৰজপাতত মুঠ ১৭ টা গো-ধনৰ মৃত্যু হৈছে ৷  ব্ৰজপাতৰ গতি ইমানেই ভয়ংকৰ আছিল যে  প্ৰতিটো ব্ৰজপাততে তিনি-চাৰিটাকৈ গো-ধন নিথৰভাৱে মৃত্যুক সাৱতি ল’ব লগা হয় ৷ নিজৰ গো-ধন চকুৰ সন্মুখতে এটাৰ পিছত আন এটা  গো-ধনৰ আকস্মিক মৃত্যু দেখি গৰখীয়াসকল নিৰ্বাক-নিস্পন্দন হৈ পৰে ৷ একেদৰে নিজৰ মৰমৰ পোহনীয়া গো-ধনবোৰ ব্ৰজপাতত মৃত্যু হোৱা দেখি গো-ধনৰ মালিক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ উল্লেখনীয় যে, সম্প্ৰতি কৃষিকৰ্মত আধুনিক যন্ত্ৰপাতিয়ে কৃষিকৰ্মৰ দ্ৰুত কৰি তুলিলেও সোৱণশিৰিপৰীয়া কৃষিজীৱি ৰাইজৰ বাবে পোহনীয়া জীৱ-জন্তুৱে জীৱন-জীৱিকাৰ মূল সম্বল ৷ এনে পৰিপ্ৰেক্ষিতত একেদিনাই ১৭ টাকৈ গো-ধনৰ মৃত্যৱে সোৱণশিৰিপৰীয়া কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷

Exit mobile version