Fearless Press

লখিমপুৰৰ দীৰ্ঘা ভালাবস্তিত নৃশংস হত্যাকাণ্ড ; খোৱাপানীৰ কুঁৱাত হত্যাকাৰীয়ে পেলালে মৃতদেহ  চিয়াজুলীত হত্যাকাৰীক গ্ৰেপ্তাৰ, ফাঁচীৰ দাবীত তীব্ৰ প্ৰতিবাদ পাঁচ শতাধিক লোকৰ 

লখিমপুৰ, ৩০ জুলাই ; লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত দীৰ্ঘা ভালাবস্তি গাঁৱত আজি নৃশংস ঘটনা সংঘটিত হয় । গাঁৱখনৰ ৰাজু ধানোৱাৰ নামৰ লোকজনক নৃশংস ভাৱে হত্যা কৰি, তেওঁৰেই ঘৰৰ কুঁৱাত মৃতদেহ পেলাই থৈ যায় হত্যাকাৰীয়ে। এই ঘটনাত হত্যাকাণ্ড সংঘটিত হোৱা অঞ্চলৰ সমীপৰে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কনকেশ্বৰ বুঢ়াগোহাঁই ওৰফে মাহু জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে। মৃত লোকজনৰ পত্নীৰ সৈতে শিক্ষকজনৰ অবৈধ প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ ৰাইজৰ । উল্লেখ যে মৃত লোকজনৰ মৃতদেহ অভিযুক্ত শিক্ষকজনৰ
ব্যক্তিগত চাহ বাগিছাত হত্যা কৰি চোচৰাই আনি কুঁৱাত পেলাই দিয়া চিন প্ৰত্যক্ষ কৰি উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। ইয়াৰ পিছতেই বগীনদী আৰক্ষীৰ উপস্থিতিত প্ৰায় পাঁচ শতাধিক পূৰুষ মহিলাই প্ৰতিবাদী সমদল কৰি হত্যাত অভিযুক্ত শিক্ষকজনৰ ঘৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত অভিযুক্ত শিক্ষকৰ গৃহতে অৱস্থান গ্ৰহণ কৰে।
উপায়ন্তৰ হৈ লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক, উপ অধীক্ষক, দণ্ডাধীশৰ উপস্থিতিত অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰাৰ পিছতেই পৰিস্থিতি পুনৰ উত্তেজিত হৈ পৰে, হত্যাকাৰীৰ ফাঁচীৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে স্থানীয় ৰাইজে। এনে পৰিস্থিতিত লখিমপুৰ জিলা আৰক্ষীয়ে চি আৰ পি এফ জোৱানৰ সহযোগত পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মৃতদেহ উদ্ধাৰ কৰি মৰন্নোত্তৰ পৰীক্ষাৰ বাবে জিলালৈ প্ৰেৰণ কৰে ।

Exit mobile version