Fearless Press

ৰাহুল গান্ধীক হত্যাৰ ভাবুকি চাৰি বিজেপি নেতাৰ বিৰুদ্ধে লখিমপুৰত ভূপেন বৰাৰ গোচৰ

লখিমপুৰ, ২৩ চেপ্তেম্বৰ ঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা তথা হত্যাৰ ভাবুকি দিয়াত অসম প্ৰদেশ কংগ্ৰেছ গৰজি উঠিছে৷ ইয়াৰ প্ৰতিবাদত আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সদলবলে উত্তৰ লখিমপুৰ সদৰ থানাত উপস্থিত হৈ চাৰি বিজেপি নেতাৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা অসাংবিধানিক মন্তব্য তথা হত্যাৰ ভাবুকি দিয়া সন্দৰ্ভত বিজেপি নেতা তাৰবিন্দ সিং মাৰোৱাৰ, নভনীত বিটু, ৰঘুৰাজ সিং আৰু সঞ্জয় গাইকোৱাডাৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই উত্তৰ লক্ষীমপুৰ সদৰ থানাত এক গোচৰ তৰি শীঘ্ৰে এই নেতা কেইজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা তথা আটক কৰিবলৈ চৰকাৰক দাবী জনায়৷ এই সন্দৰ্ভত ভূপেন বৰাই কয় .বিজেপিয়ে দেশখন অস্থিৰ কৰিব বিচাৰিছে । সেই কাৰণে আমি আইনৰ কাষ চাপিছো । তেওঁ অসম চৰকাৰক দাবী জনাইছে ভাবুকি দিয়া বিজেপি নেতাক আটক কৰিবলৈ দাবী জনাই আগন্তুক ২৬ ৰ নিৰ্বাচনত ইয়াৰ উত্তৰ ওলাব বুলিও কয় ভূপেন বৰাই ।একেদৰে গঁড় হত্যা ৰোধৰ বাবে চৰকাৰে লোৱা ব্যবস্থাৰ ওপৰতো মন্তব্য কৰে ভূপেন বৰাই । তেওঁ কয় – গঁড় হত্যাত ৮৬% হে সফল বিজেপি চৰকাৰ _এতিয়াও বাকী ১৪ শতাংশ ।

Exit mobile version