Fearless Press

লখিমপুৰৰ ৰঙানদী বিধানসভা সমষ্টিত অখিলৰ হুংকাৰ  ২৬ চৰকাৰৰ অংশীদাৰ হ’ব ৰাইজৰ দ’ল চিলনীবাৰীত দলীয় সভাত ১০ সহস্ৰাধিকৰ ৰাইজৰ সন্মুখত অখিলৰ হুংকাৰ 

লখিমপুৰ, ২০ নৱেম্বৰ ; লাক্ষীম জিলাৰ ৰঙানদী বিধানসভা সমষ্টিৰ চিলনিবাৰীত এক বিশাল গণসমাবেশত অংশ গ্ৰহণ কৰি আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ২০ৰ পৰা ২৫ খন আসনত ৰাইজৰ দলৰ প্ৰাৰ্থী জয়ী হব বুলি দাবী কৰে । বিধায়ক গৰাকীয়ে কয় ৰঙানদী, নাওবৈচা ৰাইজৰ দলৰ এ কেটেগৰীৰ সমষ্টি বুলি উল্লেখ কৰি ২৬ ত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ’ব বুলি হুংকাৰ দিয়ে । ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কৰিমগঞ্জৰ নাম সলনি কৰা কাৰ্যক মহম্মদ বিন টোগলকৰ লগত তুলনা কৰে হিমন্ত বিশ্ব শৰ্মাক । তেওঁ
কংগ্ৰেছ দলকো তীব্ৰ সমালোচনা কৰে আৰু বিজেপিক বিশ্বাসঘাটকতা কৰা দল আখ্যা দিয়ে । তেওঁ ভূপেন বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছে বা ভূপেন বৰাই যদি অখিলৰ কথাবোৰ চৰ্ত বুলি ভাৱে তেতিয়া একো কব লগীয়া নাই।ভূপেন বৰাই যি ভাৱে। ইফালে হিমন্ত বিশ্ব শৰ্মাৰ নামক লৈও বাখ্যা আগবঢ়াই অখিল গগৈয়ে ।হিমন্তৰ নাম সলাই অচিৰেই মহাকাব্যিক নাম এটা দিব বুলি তেওঁ মন্তব্য কৰে । উন্নয়নৰ নামত কৰিমগঞ্জক ১ নম্বৰত আনিব নোৱাৰি নাম সলাইহে ১ নম্বৰ কৰিব বিচাৰিছে বুলি তেওঁ অভিযোগ কৰে । ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে বিশাল সমাবেশত অংশ গ্ৰহণ কৰি ৰাইজক সম্বোধি কয় – আমাক ২০ জন বিধায়ক দিয়ক আমি আপোনালোকক নতুন অসম দিম । আমাক এখন সাম্প্ৰদায়িকতা মুক্ত অসম লাগে । এয়াই হৈছে আমাৰ ২০২৬ৰ সপোন ।

Exit mobile version