Fearless Press

লখিমপুৰ জিলাৰ লালুক কৰুনাবাৰীত শোকাবহ পথ দুৰ্ঘটনা দ্ৰুতবেগী বাহনে এজনক খুন্দিয়াই সোমাল পুখুৰীত এজন থিতাতে নিহত

লখিমপুৰ, ১৬ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ লালুকত আজি সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহন খন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ পুখুৰীত পৰেগৈ৷ ঘটনাৰ সন্দৰ্ভত লালুক আৰক্ষী আৰু স্থানীয় লোকে জানিবলৈ দিয়া মতে আজি পুৱাবেলা লালুক বিহপুৰীয়া সংযোগী ৰাজ্যিক পথত কৰুনাবাৰীস্থিত ২ নং পেট্ৰল পাম্পৰ সমীপত এ এছ ০১ এম চি ৯২৬১ নম্বৰৰ চৈধ্য চকীয়া ট্ৰাক গাড়ীখন ৰখাই চালক জলিল ৰহমানে পথৰ কাষতে থকা চাহৰ দোকানত চাহ খাবলৈ যাওঁতে বঙালমৰা দিশৰ পৰা লালুক অভিমুখে আহি থকা এ এছ ০৭ টি ৯০৩৩ নম্বৰৰ চাৰিচকীয়া বাহন খনে তীব্ৰ বেগত খুন্দা মাৰি বাহনখন পথৰ কাষত থকা দ’ পুখুৰীত পৰেগৈ৷ ঘটনাৰ খবৰ পাই লালুক থানাৰ এছ আই বুধিন কৃষ্ণ দাস ঘটনাস্থলীত উপস্থিত হয়৷ আৰক্ষীয়ে ততাতৈয়াকৈ ট্ৰাক চালক জলিল ৰহমান (৪০) ক লালুক আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ইতিমধ্যে মৃত ঘোষণা কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে মৃত্যুক আকোঁৱালি লোৱা ট্ৰাক চালক জলিল ৰহমানৰ ঘৰ কামৰূপ (মেট্ৰ’) জিলাৰ সোনাপুৰ থানাৰ অন্তৰ্গত কপালকটা গাৱঁত৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে চালক জলিল ৰহমানে গাড়ীখন ৰখাই চাহ খাবলৈ যাওঁতেই এই দুখজনক ঘটনাটো সংঘটিত হয়৷ আৰক্ষীৰ তৎপৰতাত পথৰ কাষৰ পুখুৰীত পৰা চাৰিচকীয়া বাহন খন উদ্ধাৰ কৰা হয়৷ সৌভাগ্যক্ৰমে সৰু বাহন খনৰ চালক গৰাকী ৰক্ষা পৰে৷ লালুক আৰক্ষীয়ে সমস্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷

Exit mobile version