Fearless Press

সাহিত্য অকাদেমি আৰু নৰ্থ লখিমপুৰ কলেজৰ উদ্যোগত শীলভদ্ৰৰ জন্ম শতবৰ্ষ উপলক্ষে আলোচনা-চক্ৰ সম্পন্ন 

লখিমপুৰ, ১৪ ফেব্ৰুৱাৰী ; নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত আজি বিশিষ্ট সাহিত্যিক শীলভদ্ৰৰ জন্ম শতবৰ্ষ উপলক্ষে এখন গাম্ভীৰ্যপূৰ্ণ আলোচনা-চক্ৰ অনুষ্ঠিত হয় ৷ সাহিত্য অকাদেমিৰ উদ্যোগত আৰু কলেজখনৰ অসমীয়া বিভাগৰ সহযোগত অনুষ্ঠিত এই আলোচনা-চক্ৰৰ উদ্বোধনী অনুষ্ঠানৰ সভাপতিত্ব কৰে অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই৷ আদৰণি ভাষণ প্ৰদান কৰে সাহিত্য অকাদেমিৰ কলকাতাস্থিত আঞ্চলিক কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ষেত্ৰবাসী নায়কে৷ তেওঁ ভাষণ প্ৰসঙ্গত সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট কথাশিল্পী শীলভদ্ৰৰ অসাধাৰণ প্ৰতিভাৰ প্ৰতি সন্মান জনায় লগতে তেওঁ নৰ্থ লখিমপুৰ কলেজে অত্যন্ত শ্ৰদ্ধা আৰু আন্তৰিকতাৰে গাম্ভীৰ্যপূৰ্ণভাৱে আলোচনা-চক্ৰখন অনুষ্ঠিত কৰাত সন্তোষ প্ৰকাশ কৰে৷ আলোচনা-চক্ৰখনৰ পৰিচয়মূলক বক্তৃতা প্ৰদান কৰে সাহিত্য অকাদেমিৰ অসমীয়া উপদেষ্টা পৰিষদৰ আহ্বায়ক তথা বিশিষ্ট চিন্তাবিদ, লেখক দিগন্ত বিশ্ব শৰ্মাই৷ তেওঁ শীলভদ্ৰৰ সৃষ্টি প্ৰতিভাৰ গভীৰ অন্তৰ্মুখী দিশটোত আলোকপাত কৰে৷ ভাৰতীয় সাংস্কৃতিক পৰম্পৰাৰ মননশীল বাহক হিচাপে শীলভদ্ৰৰ ৰচনাসমূহত প্ৰকাশ পোৱা সৰলতা আৰু তাৰ মাজতে নিহিত থকা মানৱতাৰ গভীৰ স্বৰূপ সম্পৰ্কে শৰ্মাই মনোগ্ৰাহী ব্যাখ্যা আগবঢ়ায়৷ তেওঁ ঋষি অৰবিন্দৰ দৰ্শন আৰু চেতনাৰ লগত অনুৰণন শীলভদ্ৰৰ ৰচনাৰ মাজেৰে অনুভৱ কৰে বুলি কয়৷ উদ্বোধনী অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই নৰ্থ লখিমপুৰ কলেজৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড॰ ৰাঘৱ পৰাজুলীয়ে৷আলোচনা-চক্ৰখনৰ প্ৰথম সত্ৰৰ সঞ্চালনা কৰে সাহিত্য-সমালোচক তথা নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড॰ অৰবিন্দ ৰাজখোৱাই৷ এই সত্ৰত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ লোহিত হাজৰিকা, নৰ্থ বেংক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা স্বপ্নালী বৰগোহাঁই আৰু পানীগাঁও অপিডি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা বি ডি নিশাই গৱেষণা-পত্ৰ পাঠ কৰে৷ তিনিওগৰাকী অংশগ্ৰহণকাৰীয়ে শীলভদ্ৰৰ উপন্যাস, শীলভদ্ৰৰ চুটিগল্পৰ শিল্প সৌন্দৰ্য আৰু শীলভদ্ৰৰ সৃষ্টিৰাজিৰ মূল্যায়ন সম্পৰ্কে আলোকপাত কৰে৷ সঞ্চালকৰ আসনৰ পৰা ড॰ ৰাজখোৱাই অবিভক্ত গোৱালপাৰা জিলাক অসম আৰু অসমীয়া সত্তাৰ লগত সংপৃক্ত কৰাৰ ক্ষেত্ৰতো শীলভদ্ৰৰ সৃষ্টিৰাজিৰ ভূমিকা আছে বুলি কয়৷ দ্বিতীয় তথা অন্তিম সত্ৰ সঞ্চালনা কৰে কবি তথা নৰ্থ লখিমপুৰ কলেজৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড॰ ৰাতুল কুমাৰ লাহনে৷ এই সত্ৰত গৱেষণা-পত্ৰ পাঠ কৰে ক্ৰমে অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক ড॰ ভাস্কৰ ভূঞা, নৰ্থ লখিমপুৰ কলেজৰ সহকাৰী অধ্যাপিকা ড॰ বৰ্ণালী বৰা, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড॰ নিপন পাংগিং আৰু নৰ্থ বেংক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড॰ ৰুণজুন বৰাই৷ এই সত্ৰত মূলতঃ শীলভদ্ৰৰ চুটিগল্পৰ আংগিক, শিল্প-সৌন্দৰ্য, জীৱন সম্পৰ্কীয় দৃষ্টিভংগী আৰু সমাজ চেতনা সম্পৰ্কে আলোচিত হয়৷ আলোচনা-চক্ৰত সামৰণি মন্তব্য আগবঢ়াই সহকাৰী অধ্যাপক ড॰ ধীৰাজ পাটৰে৷ জিলাখনৰ ভালেসংখ্যক সন্মানীয় ব্যক্তিৰ লগতে যথেষ্ট সংখ্যক অধ্যাপক-অধ্যাপিকা, গৱেষক আৰু শিক্ষাৰ্থীয়ে আজিৰ এই আলোচনা-চক্ৰত ভাগ লয়৷

Exit mobile version