Fearless Press

 লখিমপুৰ চৰকাৰী ধনৰ অপচয় ; বিতৰণ নোহোৱাকৈ পৰি আছে দুশৰো অধিক চাইকেল  ২০১৭ চনত দশম শ্ৰেণীৰ ছাত্ৰীৰ বাবে চৰকাৰে যোগান ধৰিছিল চাইকেলসমূহ 

লখিমপুৰ, ১৪ ফেব্ৰুৱাৰী:ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ দশম শ্ৰেণীৰ ছাত্ৰীৰ বাবে ২০১৭ চনতে চৰকাৰ যোগান ধৰা বিনামূলীয়া চাইকেলসমূহৰ একাংশ দীৰ্ঘদিন ধৰি বিতৰণ নকৰাকৈ পেলাই ৰাখি চৰকাৰী ধনৰ অপচয় ঘটোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে, ৰাজ্যৰ তদানীন্তন মুখমন্ত্রী সর্বানন্দ সোনোৱালৰ কাৰ্যকালত শিক্ষা বিভাগে চৰকাৰী শিক্ষানুষ্ঠানৰ দশম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰীসকলৰ বাবে বিনামূলীয়া চাইকেল যোগান ধৰিছিল ৰাজ্যৰ বিভিন্ন স্থানত । চৰকাৰী আঁচনিৰ এই চাইকেলসমূহৰ ভিতৰৰ একাংশ লখিমপুৰ জিলাতো বিতৰণ কৰাৰ ব্যৱস্থা কৰিছিল যদিও এই চাইকেল সমূহৰ ভিতৰৰ বহুসংখ্যক চাইকেল লখিমপুৰত বিতৰণ নোহোৱাকৈ থাকি যায়। প্ৰাপ্ত তথ্য মতে লখিমপুৰ জিলাত দুশৰো অধিক চাইকেল বিতৰণ নোহোৱাকৈ এনেদৰে থাকি যায়। বিতৰণ নোহোৱা এই চাইকেলসমূহ প্রথমে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰখা হৈছিল যদিও নিৰ্বাচনৰ স্ট্রং ৰুম আৰু গণনাকক্ষ নিৰ্মাণৰ বাবে চাইকেলসমূহ পিএন জি বি হাইস্কুললৈ স্থানান্তৰ কৰা হয়। কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু বিদ্যালয়খনৰ বছৰেকীয়া পৰীক্ষাৰ বাবে চাইকেলসমূহ কেইদিনমানৰ বাবে লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰিছিল জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে।,বিদ্যালয়ৰ তৰফৰ পৰা জানিব পৰা মতে – বিদ্যালয়খনত বর্তমান স্থানৰ অভাৱ হৈছে যদিও পৰিদৰ্শকৰ কাৰ্যালয়ে চাইকেলসমূহৰ ক্ষেত্ৰত কোনো ব্যৱস্থা হাতত লোৱা নাই। বিষয়টোৰ সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কার্যালয়ে জনোৱামতে একাংশ শিক্ষানুষ্ঠানৰ প্ৰধানে ছাত্ৰীৰ সংখ্যাতকৈ বেছিকৈ চাইকেল বিচৰাৰ বাবে এনেদৰে চাইকেলসমূহ থাকি গ’ল। আনহাতে থাকি যোৱা চাইকেল সমূহ ঘূৰাই নিয়া নাইবা আর্থিকভাৱে পিচপৰা পৰিয়ালৰ ছাত্ৰীক বিতৰণৰ বাবে অনুমতি বিচাৰি লখিমপুৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত আৰু সঞ্চালকলৈ বাৰম্বাৰ চিঠি প্ৰেৰণ কৰিও কোনো ধৰণৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ’ল যাৰ বাবে এনেদৰে পেলাই ৰাখিব লগীয়া হৈছে আৰু চৰকাৰী ধনৰ ব্যাপক অপচয় হৈছে । ফলত ব্যৱহাৰৰ অনুপযোগী হৈ পৰা চাইকেলসমূহৰ ক্ষেত্ৰত চৰকাৰে কেতিয়া ব্যৱস্থা গ্রহণ কৰিব তাক লৈ চিন্তিত হৈ পৰিছে ।

Exit mobile version