লখিমপুৰ, ১৫ ফেব্ৰুৱাৰী ;আজিৰে পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিবলৈ আহি গ্ৰেপ্তাৰ হল ৰিতুল দলে নামৰ এজন যুৱক । উল্লেখ যে লখিমপুৰত পিতৃৰ স্থানত হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ আহিছিল ৰিতুল দলে নামৰ যুৱকজন । পিতৃ মুকেশ্বৰ দলেৰ ঠাইত পৰীক্ষা দিবলৈ আহিছিল পুত্ৰ ৰিতুল দলে । লখিমপুৰৰ ‘ন-আলি’ অবনৰী হাইস্কুলত এই আজৱ ঘটনা সংঘটিত হৈছে ।উল্লেখযোগ্য যে মুখেশ্বৰ দলে আছিল এখন বিদ্যালয়ৰ চকীদাৰ । মাজুলী চানং গাঁৱত ঘৰ এই পিতা-পুত্ৰৰ । পিতৃৰ হৈ পৰীক্ষা দিবলৈ অহা এই যুৱকজন লিগিৰামুখ হাইস্কুলৰ ছাত্ৰ । পৰীক্ষা নিৰিক্ষক ৰুপা পেগুৱে এই ঘটনা ধৰা পেলাই আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে পৰীক্ষা কেন্দ্ৰৰ পৰা মুখেশ্বৰ দলেৰ পুত্ৰ ৰিতুল দলেক পানীগাঁও থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । উল্লেখ যে আজিৰে পৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনত ১৭১৭৪ গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে । জিলাখনৰ ৬১ টা পৰীক্ষা কেন্দ্ৰত ৬২ গৰাকী বৰ্হি:পৰিদৰ্শক নিয়োগ কৰিছে ।
লখিমপুৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঘটন ; পিতৃৰ ঠাইত পৰীক্ষা দিবলৈ আহি গ্ৰেপ্তাৰ হল পুত্ৰ ৰিতুল দলে
