Fearless Press

লখিমপুৰৰ ঘূণাসূতিত অৰন্য মানৱ যাদৱ পায়েং  প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পৰাই পাঠ্যপুথিত গছ গছনিৰ সুৰক্ষাৰ বিষয়টো সন্নিবিষ্ট কৰক – যাদৱ পায়েং পানৈ জঙ্কি ক্ষেত্ৰত ১০০০ জোপা বৃক্ষ ৰোপনৰ কাৰ্যসুচীৰ শুভৰাম্ভ 

লখিমপুৰ, ২০ ফেব্ৰুৱাৰী ;বিশ্বত মানৱ জাতি জীয়াই থাকিবলৈ হলে গছ গছনিৰ সুৰক্ষাৰ দিশটো সকলোৱে অনুধাবন কৰিব লাগিব । গছ গছনি, প্ৰকৃতিৰ সুৰক্ষা হলেহে মানৱ জাতি জীয়াই থাকিব -লখিমপুৰৰ ঘূণাসুঁতিত এই মন্তব্য পৰিবেশকৰ্মী ,অৰণ্য মানৱ যাদৱ পায়েঙৰ । তেওঁ ঘূণাসুঁতিত মিচিং জনগোষ্ঠীয় উৎসৱ আলি আয়ে লিগাঙৰ কাৰ্য সূচীত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰি কয় – ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে গছ গছনিৰ সুৰক্ষা বিষয়ক পাঠ্যপুথিত সন্নিবিষ্ট কৰিব লাগিব ।উল্লেখ্য যে ঘৃনাসুঁতিৰ তিনিখন ৰাজহ গাঁৱৰ ৰাইজে দান কৰা ভূমিত ঐতিহাসিক পানৈ জংকি ক্ষেত্ৰ নামেৰে সংৰক্ষিত কৰা ডাম্বুকিয়াল গাঁৱৰ ৮শ বিঘা ভূমিত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভৰাম্ভ কৰি অৰণ্য মানবজনে আৰু কয় – গছগছনি সংৰক্ষণ কৰা, গছপুলি ৰোপণ কৰা আদি বিষয়ত সংবাদকর্মীৰো যথেষ্ট কৰণীয় আছে। দেশৰ ভিতৰতে অসম গছ কটাৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে বুলি পায়েঙে খেদ প্রকাশ কৰে আৰু চৰকাৰে চোৰাং চিকাৰীৰ ক্ষেত্ৰত শূন্য সহনশীল হ’ব লাগে বুলিও তেওঁ কয়। গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৃথিৱীখনত ভয়াবহ ৰূপ ধাৰণ কৰাৰ মূলতে গছ-গছনি ধ্বংসৰ ফল বুলি ব্যক্ত কৰে । লখিমপুৰৰ ঐতিহাসিক পানৈ-জংকি ক্ষেত্ৰৰ বাবে সংৰক্ষিত ঘূণাসূতিৰ ডাম্বুকীয়ালত দুদিনীয়াকৈ উদযাপন হয় ৪৯ সংখ্যক ঘূণাসুঁতি কেন্দ্ৰীয় আলি আয়ে লিগাঙৰ দ্বিতীয় দিনা আজি ঐতিহাসিক পানৈ-জংকি ক্ষেত্ৰৰ বাবে সংৰক্ষিত ডাম্বুকীয়ালৰ ৮০০ বিঘা ভূমিত এই এহেজাৰ জোপা গছ পুলি ৰোপন কাৰ্যসূচীত পায়েঙৰ লগতে মিচিংস্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চাৰিঙীয়া,সমাজকৰ্মী সীমান্ত দাস , ঘূণাসূতীৰ সমাজকৰ্মী বিকানন্দ মিলি আদি উপস্থিত থাকে ।

Exit mobile version