Fearless Press

‘কাঁ’ৰ ৰেড কাৰ্পেটত ভাৰতীয় সাজ-পাৰেৰে উজলিল অসম কন্যা সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ

নিউজ ডেক্স,২৪ মে’ : বিশ্বৰ সৰ্ববৃহৎ তথা সন্মানীয় চলচিত্ৰ মহোৎসৱ ‘কাঁ মহোৎসৱ’ত ভাৰতীয় ফেশ্বন জগতক উজলাই পুনৰ এবাৰ জিলিকি উঠিল দেশৰে এগৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰ অসম কন্যা সংযুক্তা দত্ত। তিনিগৰাকী সুন্দৰী প্ৰসিদ্ধ মডেলে যেতিয়া সংযুক্তাৰ সৃষ্টিৰ পোচাক পিন্ধি লয়লাসে খোজ দিছিল কাঁৰ ৰঙা দলিচাত, তেতিয়া কেমেৰাবোৰ ঘূৰ খাই গৈছিল সেই ছন্দ কেমেৰাত আবদ্ধ কৰিবলৈ। মুগ্ধ হৈ পৰিছিল ফেশ্বন অনুৰাগী সকল। শুকুৰবাৰে ৰেড কাৰ্পেটত বিশ্বৰ এগৰাকী প্ৰসিদ্ধ মডেল তথা মিচেছ ৱৰ্ল্ড কংগনিয়ালিটিৰ মুকুট বিজয়ী
ভেলেৰিয়া হজেৰটেনেছে পৰিধান কৰা পোচাকত উজলি উঠিছিল প্ৰাচীন অসমীয়া লোককথাৰ পৰা অনুপ্ৰাণিত গাঢ় মটিফ থকা সংযুক্তা দত্তৰ সৃষ্টি। আনহাতে চকু চাটমৰা সৌন্দৰ্যৰ গৰাকী মিছেছ ইটালী তথা গ্ল’ব ছুপাৰমডেল মিৰ্কা হাৱাৰ্ড আছিল দ্বিতীয় গৰাকী মডেল যাৰ দেহত শোভা পাইছিল সংযুক্তা দত্তই ইউৰোপীয় ডিজাইনৰ সৈতে ভাৰতীয় ৰেচমৰ পাতল গুণা গঁথা শিল্পৰ সংমিশ্ৰণেৰে সৃষ্টি কৰা এযোৰ অভিনৱ পোচাক। ভাৰতীয় আৰু ইউৰোপীয় সংমিশ্ৰিত এই পোচাকে সমবেত ভিৰক মন্ত্ৰমুগ্ধ কৰি তুলিছিল ৰঙাদলিচাৰ সমাৱেশত। তৃতীয় গৰাকী মডেল হ’ল জেছলিন ছ’নি। সংযুক্তা দত্তৰ এটি আধুনিক ৰাজকীয় ডিজাইনৰ বস্ত্ৰ পৰিধান কৰি কাঁৰ ৰঙা দলিচাত খোজ দিওতে মূৰ ঘূৰাই চাবলৈ বাধ্য হৈছিল সমবেত সকল। উল্লেখ্য যে একেৰাহে পঞ্চম বছৰৰ বাবে কাঁ মহোৎসৱত ভাৰতীয় ফেশ্বনক প্ৰতিনিধিত্ব কৰি দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সংযুক্তা দত্তই।

Exit mobile version