গুৱাহাটী,২৬ মে’ : সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হিচাপে লোকসভাৰ বিৰোধী উপ-দলপতি তথা যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈকে দায়িত্ব অৰ্পণ কৰিলে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ৰাজ্যত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেন্দ্ৰিক বিতৰ্ক আৰু চৰ্চা অব্যাহত আছিল। ভূপেন কুমাৰ বৰাক সভাপতিৰ পদৰ পৰা আঁতৰাই গৌৰৱ গগৈক সভাপতি হিচাপে প্ৰক্ষেপ কৰিবলৈ দলটোৰ একাংশ জ্যেষ্ঠ, কনিষ্ঠ নেতাই ককালত টঙালি বান্ধিছিল। আনকি এইসকল নেতাই দিল্লীত ৰাষ্ট্ৰীয় নেতৃত্বকো সাক্ষাৎ কৰি এই দাবী উত্থাপন কৰিছিল। শেহতীয়াকৈ নতুন দিল্লীত অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কোন হ’ব সেই লৈ অসমৰ আটাইকেইজন সাংসদ, শীৰ্ষ নেতৃত্বৰে ৰাষ্ট্ৰীয় নেতৃত্বৰো বৈঠক অনুষ্ঠিত হৈ গৈছিল। সেই সময় ছোৱাতো গৌৰৱ গগৈৰ নাম চৰ্চালৈ আহিছিল যদিও অৱশ্যে একাংশই প্ৰদ্যুৎ বৰদলৈয়ো পৰৱৰ্তী এ পি চি চিৰ সভাপতি হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল। অৱশেষত সকলো জল্পনা কল্পনা আঁতৰাই আজি গৌৰৱ গগৈকে অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হিচাপে দায়িত্ব দিয়া হয়। গৌৰৱ গগৈৰ নেতৃত্বতে ২০২৬ চনত কংগ্ৰেছে অসম বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাতো নিশ্চিত হ’ল। উল্লেখ্য যে ভূপেন কুমাৰ বৰাৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছে ৰাজ্যত কেইবাটাও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিলে যদিও দলটোৱে সফলতা লাভ কৰিব নোৱাৰিলে। যোৱা লোকসভা নিৰ্বাচন, বিধানসভাৰ উপ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনৰ উপৰিও স্বায়িত্ব শাসিত পৰিষদসমূহৰ নিৰ্বাচনো পৰাজিত হয় কংগ্ৰেছ।
আজি গৌৰৱ গগৈক সভাপতি দায়িত্ব দিয়াৰ উপৰি ৰাষ্ট্ৰীয় নেতৃত্বই বিধায়ক জাকিৰ হুছেইন শিকদাৰ, প্ৰাক্তন বিধায়িকা ৰ’জলীনা তিৰ্কি, বিধায়ক প্ৰদীপ সৰকাৰক কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰিছে। আনহাতে ৪ খন কমিটীৰ অধ্যক্ষ হিচাপে দায়িত্ব দিছে চাৰি গৰাকী জ্যেষ্ঠ নেতাক। সেই অনুসৰি নিৰ্বাচনী প্ৰচাৰ কমিটীৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে ভূপেন কুমাৰ বৰাক, নিৰ্বাচনী ইস্তাহাৰ কমিটীৰ দায়িত্ব দিয়া হৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈক, সমন্বয়ৰক্ষী কমিটীৰ দায়িত্ব দিয়া হৈছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক আৰু প্ৰচাৰ কমিটীৰ দায়িত্ব দিয়া হৈছে সাংসদ ৰকিবুল হুছেইনক।
