গুৱাহাটী,১১ জুনঃ “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদেশী বহিষ্কাৰ আইন আৰু ভাৰতীয় নাগৰিকত্ব আইন একাকাৰ কৰি সাধাৰণ ৰাইজক ভীতিগ্ৰস্ত কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰীৰ এনে অপচেষ্টাক আমি গৰিহণা দিছো। কিয়নো এয়া ভাৰতীয় সংবিধানৰ পৰিপন্থী।” ৰাজীৱ ভৱনত আজি এখন সংবাদমেল সম্বোধন কৰি সাংসদ ৰকিবুল হুছেইনে এইদৰে কয়। সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ চল-চাতুৰীৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, ”অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা লোকসকল অসমৰ পৰা যোৱাতো দেশৰ সকলো শ্ৰেণীৰ ৰাইজে বিচাৰে। এই কথা কংগ্ৰেছ দলেও বাৰম্বাৰ কৈ আহিছে। সেইকাৰণে অসম চুক্তি কৰি এই সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা চলোৱা হৈছিল। বহুদিন এই অসম চুক্তি ৰূপায়ণ কৰি বিদেশী সমস্যা সমাধান কৰাৰ বাবে এন আৰ চি কৰাৰ কথা কোৱা হৈছিল।’’ তেওঁ আৰু কয়, ”সদৌ অসম ছাত্ৰ সন্থা আৰু বিভিন্ন দল-সংগঠনৰ লগত লানি লানি আলোচনা কৰাৰ অন্তত তৰুণ গগৈ মুখ্যমন্ত্ৰী আৰু মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকা সময়ত অসমৰ প্ৰায় সকলো লোকৰ মত সাপেক্ষে সৰ্বসন্মত সিদ্ধান্ত কৰা হয় যে অসম চুক্তিৰ ভিত্তিত এন আৰ চি কৰি বিদেশী সমস্যাৰ সমাধান কৰা হ’ব। এইক্ষেত্ৰত যিখন আইনৰ জৰিয়তে এনআৰচি কৰা হৈছে সেই আইনখন হৈছে চিটিজেনশ্বিপ এক্ট। মুখ্যমন্ত্ৰীয়ে এনে কিছুমান কথা মেলি দিয়ে যিবোৰ কথাত ভৰি দি আমি আচল কথাবিলাকলৈ গুৰুত্ব নিদিও। এন আৰ ২চিত ভেৰিফিকেশ্যন হৈছে, হিয়েৰিং হৈছে। হিয়েৰিঙৰ পিছত বংশ বৃক্ষ চাইছে। বংশ বৃক্ষৰ পিছত বিভাগীয় পৰীক্ষণ সম্পন্ন কৰা হৈছে। এই গোটেই প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত উচ্চতম ন্যায়ালয়ে মণিটৰিং কৰিছে। এই মণিটৰিঙৰ পিছত ৩১ আগষ্ট, ২০১৯ তাৰিখে এন আৰ চি প্ৰকাশ পায়। এন আৰ চি প্ৰকাশ পোৱাৰ পিছত কোনে মিঠাই খাইছে সেইবিলাক কথা মই ক’ব খোজা নাই। তাৰ পিছত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ঘোষণা কৰিলে যে যিসকল এন আৰ চিত অন্তৰ্ভুক্ত হৈছে সেইসকলে নাগৰিকৰ সকলো সুবিধা পাব আৰু বাদ পৰাসকলেও যেতিয়ালৈকে আইনগতভাৱে নাগৰিক হয় নে নহয় সেয়া চূড়ান্ত নোহোৱা পৰ্যন্ত নাগৰিকৰ সকলো সুবিধা পাব। ২ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে গৃহ মন্ত্ৰণালেয় এই ঘোষণা কৰিছে। ৰাষ্ট্ৰসংঘতো বিষয়টো উত্থাপন হয় আৰু তেতিয়া বৈদেশিক মন্ত্ৰালয়ে কয় যে অসমত ৰূপায়িত হোৱা এন আৰ চিৰ প্ৰক্ৰিয়া কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ভাৰতীয় আইন মানি চলাৰ লগতে ভাৰতৰ পৰম্পৰাগত গণতান্ত্ৰিক প্ৰমূল্যবোধ বৰ্তাই ৰখা হ’ব। এইখন হৈছে সম্পূৰ্ণৰূপে কেন্দ্ৰ চৰকাৰৰ আইন। ইয়াৰ পিছতো মুখ্যমন্ত্ৰীয়ে যিবোৰ অসংলগ্ন কথা কৈ আছে সেইবোৰ চালে এনে লাগে যেন তেওঁৰ কেন্দ্ৰ চৰকাৰৰ সৈতে মনোমালিন্য হৈছে।’’ মুখ্যমন্ত্ৰীৰ নিজৰ মাজতে সংঘাতে দেখা দিছে নেকি বুলিও প্ৰশ্ন কৰে ৰকিবুল হুছেইনে। তেওঁ মুখ্যমন্ত্ৰীক মনত পেলাই দিব বিচাৰিছো বুলি উল্লেখ কৰি কয়, ”কেইদিনমানৰ আগতে যেতিয়া ডিলিমিটেশ্যন হ’ল আৰু যেতিয়া আমি বিৰোধী পক্ষই ক’লো যে ২০০১ চনৰ লোকপিয়ল মতে হ’ব নালাগে, শেহতীয়া পিয়ল ২০১১ মতে হ’ব লাগে। কাৰণ যেতিয়া সৰ্বভাৰতীয় পৰ্যায়ত ডিলিমিটেশ্যন হৈছিল তেতিয়া আমি যুক্তি দিছিলো যে এনআৰচি নোহোৱালৈ অসমত কৰিব নালাগে। এনআৰচি হোৱাৰ পিছত আমি ক’লো যে এন আৰ চি হৈ গ’ল যেতিয়া এতিয়া ২০১১ মতে ডিলিমিটেশ্যন হ’ব লাগে। তেতিয়া মুখ্যমন্ত্ৰীয়ে যুক্তি দিলে যে ২০০১ৰ নাগৰিকসকল বৈধ নাগৰিক, গতিকে ২০০১ৰ পিয়লমতে হ’ব লাগে, ২০১১ৰ মতে হ’ব নালাগে। এই কথা নিৰ্বাচন আয়োগে মানি ল’লে আৰু সেইমতে ডিলিমিটেশ্যন হ’ল। এতিয়া তেওঁৱেই কইনাৰ বাপেক, তেওঁৱেই দৰাৰ মাক। গতিকে আমি কোনফালে কি কৰিম? তেওঁৱেই কৈছে ২০০১ চনৰ লোকপিয়লৰ মানুহখিনি বৈধ। আজি তেওঁৱেই কৈছে এন আৰ চি বৈধ নহয়। অসম চুক্তিও তেওঁ নামানে। গতিকে ভাৰত চৰকাৰৰ চিটিজেনশ্বিপ এক্টৰ মতেহে এয়া হৈছে। তেওঁ এতিয়া আকৌ ফৰেইনাৰ্ছ এক্টৰ কথা ক’বলৈ লৈছে। ফৰেইনাৰ্ছ এক্ট ইয়াৰ পৰা সম্পূৰ্ণৰূপে পৃথক। ফৰেইনাৰ অবৈধভাৱে আহিছে, ১৯৭১ চনৰ পিছত অবৈধভাৱে অহাসকলক ধৰিছে, কিবা কৰিছে সেই লৈ কাৰো ক’বলগীয়া একো নাই। কিন্তু বাকীক্ষেত্ৰত আইনী প্ৰক্ৰিয়া আছে। ডি ভোটাৰ আছে, ট্ৰিবিউনেল আছে, ট্ৰিবিউনেল উচ্চতম ন্যায়ালয়ে কৰি দিছে। তেওঁ ট্ৰিবিউনেলকো নমনা হ’ল। ছু্প্ৰিম ক’ৰ্টৰ উৰ্ধতো হৈ গ’ল তেওঁ। এতিয়া ১৯৫০ চনৰ এখন বিদেশী সম্পৰ্কীয় আইনৰ কথা কৈ সেইখন প্ৰযোজ্য কৰাৰ কথা কৈ পৰিৱেশ ধুৱলী-কুঁৱলী কৰিব খুজিছে। কাৰণ তেওঁ নিৰ্বাচনৰ আগত কৈছিল যে কংগ্ৰেছে একো কৰিব পৰা নাই, সেয়ে তেওঁৰ চৰকাৰে ২ কোটিকৈ চাকৰি দিব, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব, চাহ বাগিছাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব। পিছে এতিয়া সেইবোৰ একো কৰিব নোৱাৰিলে। এদিন তেওঁ অসমখনক ১০ হাজাৰ কোটিৰ ধৰুৱা কৰিছে বুলি কৈ তৰুণ গগৈক কন্দুৱাই দিছিল আৰু আজি তেওঁ মাহৰ পিছত মাহ ধৰি কেৱল ঋণ লৈ সেই ঋণ লোৱাটোক জাষ্টিফাই কৰে। এই কথাবোৰ ৰাইজে সুধিলেই তেওঁ পৰিৱেশ ধুৱলী-কুঁৱলী কৰিবৰ বাবে আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে।” সাংসদ ৰকিবুলে আৰু কয়, ”দূৰ কাৰণে অসমৰ ৰাইজে নাজানে তেলেংগানাৰ আগৰ মুখ্যমন্ত্ৰী কে চি আৰৰ কথা নাজানে। তেওঁ একেধৰণে ৰাজত্ব কৰিছিল। বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল, সাংবাদিকক অত্যাচাৰ কৰিছিল, বিৰোধীৰ মুখ বন্ধ কৰিবলৈ ষড়যন্ত্ৰ ৰচিছিল। এতিয়া যিজন মুখ্যমন্ত্ৰী আছে, সেই ৰেৱন্ত ৰেড্ডীক এৰেষ্ট কৰিছিল। যিজন ৰেৱন্ত ৰেড্ডীক জেললৈ পঠিয়াইছিল সেইজনেই আজি তেলেংগানাৰ মুখ্যমন্ত্ৰী হ’ল। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ আছে বাবে সকলো খবৰ পাই থাকে ইণ্টেলিজেন্সৰ জৰিয়তে। তেওঁক যে সকলো সম্প্ৰদায়ৰ লোকসকলে বেয়া পাইছে সেয়া গম পাইছে। আজি আহোম সম্প্ৰদায়ৰ লোকসকলে তেওঁক বেয়া পাইছে। আহোম সম্প্ৰদায়ৰ লোকসকলক যে তেওঁ দুৰ্বল কৰিব বিচাৰিছে সেয়া জনগোষ্ঠীটোৰ লোকসকলে বুজি উঠিছে। ডিলিমিটেশ্যনৰ জৰিয়তে মৰাণ-মটকসকলক একাষৰীয়া কৰি প্ৰতিনিধি কমাব খুজিছে সেয়া গম পাইছে। চুতীয়া জনগোষ্ঠীসকলেও বুজি পাইছে কেনেকৈ তেওঁলোকৰ সমষ্টিবোৰ নাইকিয়া কৰিব খুজিছে। কোঁচ-ৰাজবংশীৰ লোকসকলৰো মন বেয়া, কংগ্ৰেছে তেওঁলোকক জনজাতি দিছিল, আজি তেওঁলোকৰ ফালৰ পৰা উপযুক্ত মন্ত্ৰী পোৱা নাই। বঙালী হিন্দু লোসকলে তেওঁলোকক মন খুলি ভোট দিলে। আজি পিছে ব্ৰহ্মপুত্ৰ উপত্যকাত এজনো হিন্দু বঙালী মন্ত্ৰী নাই। কংগ্ৰেছৰ দিনত কিন্তু ৪ জন হিন্দু বঙালী মন্ত্ৰী আছিল। এই কথাবোৰ ৰাইজে সুধিলেই মুখ্যমন্ত্ৰীয়ে অসলংগ্ন কথা ক’বলৈ আৰম্ভ কৰিছে।” আজিৰ সংবাদমেলখনত বিধায়ক আব্দুৰ ৰহিম খান, চোহান আলী সৰকাৰ, অধিবক্তা নীৰণ বড়া, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, সামাজিক মাধ্যমৰ অধ্যক্ষ ৰাতুল কলিতা আৰু সভাপতি গৌৰৱ গগৈৰ কাৰ্যালয়ৰ জ্যেষ্ঠ মুখপাত্ৰ ৰিতুপৰ্ণ কোঁৱৰ উপস্থিত আছিল।