গুৱাহাটী,২৬ জুলাই : অসম চৰকাৰে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে পহিলা আগষ্টৰ পৰা প’ৰ্টেল মুকলি কৰিব। এই প’ৰ্টেলৰ যোগেদি মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ লোৱাৰ বাবে আবেদন কৰিব। চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰিছে আম আদমি পাৰ্টী চমুকৈ আপে। আপৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাই চৰকাৰী এই সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, “এই সিদ্ধান্তই ভাৰতৰ সংবিধানৰ ধাৰা ১৪ আৰু ২১ৰ উলংঘা কৰিছে, কেন্দ্ৰীয় Arms Act, 1959 ৰ উলংঘা কৰিছে। ইয়াৰ দ্বাৰা অসমৰ বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ মাজত এক বিভাজনমূলক আৰু সম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে নিজে ৰাজ্যৰ গৃহমন্ত্ৰীৰ দ্বায়িত্বও পালন কৰি থকা সময়তেই সৰ্বসাধাৰণ জনতাৰ সুৰক্ষা দিব নোৱাৰি সাংবিধানিক দায়িত্বৰ সম্পূৰ্ণ ব্যর্থতা প্ৰকাশ কৰিছে। গতিকে মাৰণাস্ত্ৰৰ সলনি চৰকাৰে অসমত আইন শৃংখলা তথা আৰক্ষী বিভাগ শক্তিশালী কৰিব লাগিছিল। কিন্তু এই মাৰণাস্ত্ৰ অনুজ্ঞাপত্ৰ আঁচনিৰ অধীনত অসমতো মণিপুৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছে।”
তেওঁ লগতে কয়, “অসম চৰকাৰে বাংলাদেশীক ৰুধিবলৈ জনসাধাৰণৰ হাতত মাৰণাস্ত্ৰ তুলি দি ৰাজ্যখনক অৰাজকতা আৰু বিপদজ্জনক দিশলৈ ঠেলি দিব বিচাৰিছে। অসম বিধানসভাত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ সম্পৰ্কে কোনো নতুন বিধেয়ক গৃহীত হোৱা নাই। সেয়ে কেবিনেটৰ এই সিদ্ধান্ত আইনগতভাৱে অপৰ্যাপ্ত, সম্পূৰ্ণ সংবিধানবিৰোধী আৰু বিপজ্জনক। জাতি-মাটি-ভেটি ৰক্ষা কৰিব নোৱাৰা বৰ্তমান বিজেপি চৰকাৰখনে ৰাজ্যৰ আইন-শৃংখলা ৰক্ষাত সম্পূৰ্ণ বিফল হৈছে। চৰকাৰখনে এতিয়া খিলঞ্জীয়াৰ নিৰাপত্তাৰ নামত একাংশ লোকৰ হাতত ৰক্তপাতৰ যন্ত্ৰ দি সাম্প্রদায়িক সংঘাত সৃষ্টি কৰিব বিচাৰিছে। আম আদমি পার্টীয়ে অসমত শান্তি আৰু ঐক্য ৰক্ষাৰ স্বাৰ্থত এনে আত্মঘাতী সিদ্ধান্ত শীঘ্রে প্রত্যাহাৰ কৰিবলৈ অসম চৰকাৰক দাবী জনাইছো। মুখ্যমন্ত্ৰীয়ে সংবিধানৰ বিধি ব্যৱস্থাৰ বাহিৰলৈ গৈ অসমত এক বিশৃংখল বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে। গৃহ মন্ত্ৰী হিচাপে আইন শৃংখলা পৰিস্থিতি যে তেখেতে নিয়ন্ত্ৰন কৰিব নোৱাৰে সেই কথাটো উদঙাই দিছে। বিজেপি নেতৃত্বাধীন অসম চৰকাৰ সংবিধান অনুসৰি চলাত ব্যৰ্থ হৈছে। ভাৰতীয় সংবিধানৰ বিধানসমূহৰ এনে গম্ভীৰ উলংঘন আৰু সংবিধান অনুযায়ী শাসন কৰিবলৈ ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱা পৰিপ্ৰেক্ষিতত আপ অসমে পৰৱৰ্তী ২০২৬ বিধানসভাৰ নিৰ্বাচন পৰ্যন্ত অসমত তাৎক্ষণিকভাবে বলবৎ হোৱাকৈ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ দাবী কৰিছো।”
মুখ্যমন্ত্রীক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয়, “মুখ্যমন্ত্ৰীৰ মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া ঘোষনাই এটা কথা প্ৰমাণ কৰিছে যে তেখেতৰ দ্বাৰা পৰিচালিত অসম চৰকাৰৰ গৃহ বিভাগ ব্যৰ্থ হৈছে। মুখ্যমন্ত্ৰীয়ে কেৱল উচটনিমূলক ৰাজনৈতিক বিবৃতিবোৰৰ যোগেদি ৰাজ্যৰ জনতাক আৱেগিক কৰি তুলিব বিচাৰিছে আৰু অস্ত্ৰৰ প্ৰতি ৰাইজক অনুপ্ৰাণিত কৰিব বিচাৰিছে ৷ ই শান্তিপ্ৰিয় অসমৰ জনতাৰ বাবে কেতিয়াও কাম্য নহয়।”
আনহাতে খিলঞ্জীয়াৰ প্ৰসংগত তেওঁ কয়, “মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ সংজ্ঞা দিয়াৰ লগতে কোন সকল খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াৰ কথা কৈছে সেইটো স্পষ্ট কৰিব লাগে। কাৰণ খিলঞ্জীয়াৰ সংজ্ঞা আজিলৈ নিৰুপন হোৱা নাই। খিলঞ্জীয়াৰ সংজ্ঞা  নিৰূপণ হোৱা হ’লে আজি অসম চুক্তি আখৰে-আখৰে পালন হ’লহেতেন।”