গুৱাহাটী,২৮ জুলাই : অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত জনতা ভৱনৰ আই ব্লকৰ ভূমি মহলাত আজি আয়োজিত দেশভক্তি দিৱসত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই। অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ মুখ্য অতিথি ভাষণত উল্লেখ কৰে যে তৰুণৰাম ফুকনৰ দেশ আৰু জাতিৰ প্ৰতি থকা দায়বদ্ধতা আমাৰ নতুন প্ৰজন্মই হৃদয়ংগম কৰিব লাগিব। তেওঁ কয় যে তৰুণৰাম ফুকন এক বহুমুখী প্ৰতিভাৰ গৰাকী আছিল। কাৰণ সেই দিনতে তেওঁ বিলাতৰ পৰা বেৰিষ্টাৰ ডিগ্ৰী লাভ কৰিছিল যদিও দেশ জাতি মাটিৰ কাৰণে সকলো ত্যাগ দি দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে তেওঁ সোমাই পৰিছিল। এই কথাই আমাক তেওঁৰ ত্যাগ আৰু কষ্টৰ কথা সোঁৱৰাই দিয়ে কাৰণ, উচ্চ ডিগ্ৰী গ্ৰহণ কৰাৰ পিছতো সকলো ত্যাগ কৰি তেওঁ দেশৰ স্বাৰ্থত নিজকে নিয়োগ কৰিছিল। শিক্ষামন্ত্ৰী গৰাকীয়ে লগতে কয় যে বৰ্তমান একবিংশ শতিকাত নেতৃত্ব হৈছে এটা অতি প্ৰাসঙ্গিক বিষয়। কাৰণ জাতি আৰু সমাজক আগুৱাই লৈ যাৱ লাগিলে প্ৰতিজন নাগৰিকে এক সৱল নেতৃত্ব গ্ৰহণ কৰিব লাগিব। ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীৰ উদ্ধৃতিৰে উল্লেখ কৰে যে যি সকল ব্যক্তিৰ ত্যাগ আৰু পৰিশ্ৰমৰ ফলশ্ৰুতিত আমি আজি এটা গৌৰবী জাতি ৰূপে জীয়াই আছো তাৰ বাবে সেইসকল ব্যক্তিক আমি সসন্মানে স্মৰণ কৰা উচিত আৰু ইয়াৰে উল্লেখনীয় উদাহৰণ হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তৰুণৰাম ফুকনক স্মৰণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা দেশভক্তি দিৱস। উল্লেখ্য যে এই দিৱসৰ লগত সংগতি ৰাখি এই মহান ব্যক্তিগৰাকীৰ কৰ্মৰাজিক নতুন প্ৰজন্মৰ মাজলৈ নিয়াৰ উদ্দেশ্যে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত এক কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। য’ত দেশৰ ৩৪৮ টা গ্ৰুপে অংশগ্ৰহণ কৰে আৰু বিজয়ী প্ৰতিযোগীসকলক এই অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পিযুষ হাজৰীকাইও দেশভক্ত তৰুণৰাম ফুকনক স্বৰণ কৰি তেওঁৰ কৰ্মৰাজিৰ আলোকপাত কৰে। ইয়াৰ লগতে এই অনুষ্ঠানৰে সংগতি ৰাখি আজি ৰাতিপুৱাতে ভৰলুমুখস্থিত দেশভক্ত তৰুণৰাম ফুকন উদ্যানত থকা দেশভক্ত গৰাকীৰ প্ৰতিমুৰ্তিত তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অনুষ্ঠানত দেশভক্ত গৰাকীৰ নাতি ডাঃ হেমেন্দ্ৰ ৰাম ফুকন, তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰায়, বিশিষ্ট কুইজ পৰিচালক অচিন্ত শৰ্মাৰ লগতে দেশভক্ত গৰাকীৰ পৰিয়ালৰ বিভিন্নজন সদস্য আৰু শুভাকাংক্ষী উপস্থিত থাকে।
দেশভক্তি কেৱল মাথো এটা শ্লোগান নহয় : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু
