গুৱাহাটী,১৭ অক্টোবৰ : ৰাজনৈতিক কথা-বতৰা তথা দলীয় কাৰ্যসূচীৰ পৰা সম্পূৰ্ণৰূপে আঁতৰত থাকি আজি কেৱল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ গুৱাহাটীলৈ আহিল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী। প্ৰায় তিনি ঘণ্টাৰ কাৰ্যসূচী লৈ অহা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে জুবিন গাৰ্গক সোণাপুৰৰ সমাধিক্ষেত্রত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে কাহিলিপাৰাৰ বাসগৃহত পৰিয়ালৰ লোকক সাক্ষাৎ কৰি উভতি যায়। এই কাৰ্যসূচীত ৰাহুল গান্ধীক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈ, অসম কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিং, সাংসদ ৰকিবুল হুছেইন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি প্ৰদেশ কংগ্ৰেছৰ ভালেসংখ্যক নেতাই। বিয়লি ৩ বজাৰ আগে আগে ৰাহুল গান্ধী জুবিন গাৰ্গৰ কাহিলিপাৰাস্থ বাসগৃহত উপস্থিত হয়। প্ৰায় ৪০ মিনিট সময় ৰাহুল গান্ধীয়ে জুবিন গাৰ্গৰ পিতৃ, পত্নী আৰু ভগ্নীৰ লগতে পৰিয়ালৰ আন সদস্যক সাক্ষাৎ কৰি মতবিনিময় কৰে। ৰাহুল গান্ধীয়ে পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰাৰ লগতে জুবিন গাৰ্গৰ প্ৰসংগত বিভিন্ন প্ৰসংগত আলোচনা কৰে। পৰিয়ালৰ লোকক সাক্ষাৎ কৰাৰ পাছতে ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমক সম্বোধন কৰে। ৰাহুল গান্ধীয়ে কয়, “এইটো এটা অতি দুখৰ সময়। এই দুখৰ সময়ত মই ইয়ালৈ আহিছো আৰু জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰিছো। কাঞ্চনজংঘাৰ দৰে শুদ্ধ আৰু সত্য আছিল জুবিন গাৰ্গ। ১৭ বছৰ বয়সত মই যেতিয়া পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ বাবে ছিকিমলৈ আহিছিলো আৰু তেতিয়া প্ৰত্যেক দিনাই কাঞ্চনজংঘা প্ৰত্যক্ষ কৰিছিলো। কাঞ্চনজংঘাৰ শুদ্ধতা, সত্যতা আৰু সৌন্দৰ্য উপভোগ কৰিছিলো। আজি গৌৰৱ গগৈয়ে মোক কৈছে যে জুবিন গাৰ্গে কৈছিল তেওঁ কাঞ্চনজংঘা আছিল। এইটোৱে মোক লগে লগে সংযোগ কৰিলে। জুবিন গাৰ্গ কাঞ্চনজংঘা হয়, কাৰণ তেওঁৰ কাঞ্চনজংঘাৰ গুণ আছিল। মই আজি জুবিন গাৰ্গৰ ঘৰলৈ আহিলো। তেওঁ প্ৰকৃতাৰ্থতেই সফল, এগৰাকী মানৱদৰদী। অসমবাসী ইয়াৰ বাবে নিশ্চিতভাৱে গৌৰৱৰ অধিকাৰী।’’ ৰাহুল গান্ধীয়ে লগতে কয়, “মই জুবিন গাৰ্গৰ দেউতাকৰে কথা পাতিলো। এইগৰাকী পিতৃৰ জ্ঞান আৰু সমৰ্থনৰ বাবেই জুবিন গাৰ্গ অসমৰ দৰে এখন ধুনীয়া ৰাজ্যৰ কণ্ঠ হ’ল। জুবিন গাৰ্গে যি কৰিলে সেয়া কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেই সম্পদ। আজি এইদিনটোত এনে এক শোকৰ সময়ত মই ইয়ালৈ আহিবলগীয়া হৈছে। কি পৰিস্থিতিত, কি কাৰণত জুবিন গাৰ্গৰ মৃত্যু হ’ল, তাৰ প্ৰকৃত কাৰণটো পৰিয়ালৰ লোকে জানিব বিচাৰিছে। সমগ্ৰ অসমবাসীয়ে জানিব বিচাৰিছে। আমিও জানিব বিচাৰিছো কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ’ল। মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটন হোৱাটো সকলোৱে বিচাৰিছে। ঘটনাৰ উচিত, স্বচ্ছ, নিৰপেক্ষ আৰু তাৎক্ষণিক তদন্ত কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। সকলো কথা জনোৱাটো চৰকাৰৰ দায়িত্ব। মই আৰু কংগ্ৰেছ দল সদায় জুবিন গাৰ্গৰ পৰিয়ালৰ লগত আছো। আমি জুবিন গাৰ্গৰ হৈ কিবা কৰিব পাৰিলে নিশ্চিতভাৱে বহুত সুখী হ’ম। শোকৰ এই সময়ত অসমবাসীক মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আমি সত্যটো জানিব বিচাৰো। ছিংগাপুৰত জুবিন গাৰ্গৰ লগত কি হৈছিল, সেই কথা সকলোৱে জানিব বিচাৰে। আমি ন্যায় বিচাৰিছো।”

উল্লেখ্য যে শুকুৰবাৰে দুপৰীয়া প্ৰায় ১ বজাত বৰঝাৰৰ বিমান বন্দৰত উপস্থিত হোৱা ৰাহুল গান্ধীক প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই আদৰণি জনায়। বিমান বন্দৰৰ পৰা ৰাহুল গান্ধী পোনে পোনে গৈ সোণাপুৰৰ সমাধিক্ষেত্রত উপস্থিত হয়। সোণাপুৰত উপস্থিত হৈ ৰাহুল গান্ধীয়ে জুবিন গাৰ্গৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তাত উপস্থিত অনুৰাগীৰ সৈতে কিছুসময় কটায়। সোণাপুৰৰ সমাধিক্ষেত্রত ৰাহুল গান্ধীয়ে জুবিন গাৰ্গৰ প্ৰিয় নাহৰ গছৰ পুলি ৰোপন কৰে। তাৰ পিছত ৰাহুল গান্ধীয়ে কাহিলিপাৰালৈ আহি গৰিমা শইকীয়া গাৰ্গৰ লগতে পৰিয়ালৰ লোকক সাক্ষাৎ কৰে। কাহিলিপাৰাৰ পৰাই ৰাহুল গান্ধীয়ে বৰঝাৰৰ বিমান বন্দৰৰ পৰা উত্তৰ প্ৰদেশ অভিমুখে ৰাওনা হয়।