গুৱাহাটী,৭ নবেম্বৰ : লক্ষ্য যথেষ্ট দূৰ্গম আৰু প্ৰত্যাহ্বান ভৰা। কিন্তু মনত আছে সম্পূৰ্ণ উদ্যম আৰু দৃঢ়তা। সেই দৃঢ়তা লৈ আগবাঢ়িছে ছয়জনীয়া এটা দল। লক্ষ্য হৈছে ‘অন্নপূৰ্ণা বেছকেম্প ট্ৰেকিং’ অভিযান। ‘আমি বনৰীয়া বেকপেকাৰছ অফ হাইলেণ্ডাৰ’ দলৰ এটা ৬ জনীয়া অভিযাত্ৰীৰ দলে ২০২৫ বৰ্ষৰ শীতকালীন উচ্চ হিমালয় ট্ৰেকিং অভিযানৰ অৰ্ন্তগত সুদীৰ্ঘ ৪০ বছৰৰ অন্তত অসমক প্ৰতিনিধিত্বৰে নেপালৰ হিমালয়ৰ পোখৰাস্থিত বিশ্বৰ দশম সৰ্বোচ্চ শিখৰ “অন্নপূৰ্ণা বেছকেম্প” (৪২০০ মিটাৰ) অভিযানৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ বাবে শুকুৰবাৰে নিশা কাঞ্চনজংঘা ৰে’ল যোগে গুৱাহাটীৰ পৰা নিউ জলপাইগুড়িলৈ দলটোৱে যাত্ৰা আৰম্ভ কৰিব। এই অভিযাত্ৰী দলটোত আছে অভিজ্ঞ পৰ্বতাৰোহী ৰাজেশ ৰাভা, অভিজ্ঞ মহিলা পৰ্বতাৰোহী সবিতা হাজৰিকা, জেষ্ঠ্য পৰ্বতাৰোহী শৈলেন দাস, যুৱ পৰ্বতাৰোহী গৌৰাঙ্গ বড়ো, অভিজ্ঞ পৰ্বতাৰোহী ৰহমত উল্লা আলী আৰু উদীয়মান পৰ্বতাৰোহী দীব্যজ্যোতি ৰাভা। এই ৬ জনীয়া অভিযাত্ৰী দলটোক বিৰুবাৰী জোনাকীপথস্থিত ৰাজেশ ৰাভাৰ বাসগৃহত আয়োজন কৰা এক অনুষ্ঠানৰ জৰিয়তে সফল যাত্ৰাৰ বাবে উষ্ম অভিবাদন জ্ঞাপন কৰা হয়। তৃতীয়গৰাকী অসমীয়াৰূপে এভাৰেষ্ট জয় কৰা বিশিষ্ট পৰ্বতাৰোহী হেনৰী টেৰণ, জেষ্ঠ্য পৰ্বতাৰোহী শৈলেন দাস, অভিজ্ঞ মহিলা পৰ্বতাৰোহী সবিতা বড়ো, অভিজ্ঞ মহিলা পৰ্বতাৰোহী বিনিতা মালাকৰৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জেষ্ঠ্য চিকিৎসক ড° ধীৰেন্দ্ৰ দাস পাণিকাই অভিযানকাৰী দলটোক শুভেচ্ছা জ্ঞাপন কৰে।উল্লেখ্য যে ‘আমি বনৰীয়া বেকপেকাৰছ অফ হাইলেণ্ডাৰ’ দলে জন্মলগ্নৰে পৰা ৰাজ্যৰ পৰ্বতাৰোহন জগতখনক বৰ্তমানৰ প্ৰজন্মৰ মাজত অধিক সমৃদ্ধ কৰিবৰ বাবে অসম তথা উত্তৰপূৱৰ বিভিন্ন ঠাইলৈ ট্ৰেকিং অভিযান চলোৱাৰ সমান্তৰালকৈ নতুন শিকাৰুৰ মাজত সময়ে সময়ে দুঃসাহসিক ক্ৰীড়াৰ অৰ্ন্তগত শৈলাৰোহণ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি আহিছে। বনৰীয়া হাইলেণ্ডাৰ দলৰ প্ৰতিষ্ঠাপক ৰাজেশ ৰাভাই সফলতাৰে দলটো পৰিচালনা কৰি ২০১৮ বৰ্ষত হিমাচল হিমালয়ৰ লাডাখী শিখৰ, ২০২১ বৰ্ষত Friendship শিখৰ, ২০২৩ বৰ্ষত ইউনাম শিখৰ সফলতাৰে আৰোহণ কৰিছে। সমান্তৰালভাৱে ধাৰাবাহিকতা ৰক্ষা কৰি ২০২৪ বৰ্ষত সুদীৰ্ঘ ২৮ বছৰৰ অন্তত অসমক প্ৰতিনিধিত্বৰে ৬ অভিযাত্ৰীয়ে ছিকিম হিমালয়ৰ কঠিন গৌশালা আৰোহন কৰিবলৈ সক্ষম হয়। তদুপৰি চলিত বৰ্ষৰ ১৫ আগষ্টত মেঘলায়ৰ চেৰাপুঞ্জীৰ মাউফলঙৰ কঠিন ডেভিডস্কট ট্ৰেকিং ৩৬ গৰাকী ট্ৰেকাৰছৰ অংশগ্ৰহণেৰে জৰিয়তে সম্পূৰ্ণ কৰে। ৰাজেশ ৰাভাই ১৯৯১ চনৰ পৰাই অসমৰ দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰখনত জড়িত হৈ বৰ্তমানে এগৰাকী সফল তথা অভিজ্ঞ পৰ্বতাৰোহীৰূপে পৰিচিত। বনৰীয়া হাইলেণ্ডাৰ দলে দুঃসাহসিক ক্ৰীড়াৰ সমান্তৰালভাৱে বিভিন্ন সামাজিক কৰ্ম কৰি আহিছো। বনৰীয়া বেকপেকাৰছ অফ হাইলেণ্ডাৰ দলটো ৩০ গৰাকী সদস্য-সদস্যাৰে গঠিত।