গুৱাহাটী,২৮ নৱেম্বৰঃ ”স্বাধীন ভাৰতৰ ইতিহাসৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰীগৰাকীয়েই হৈছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্বৰ নাম ওলালেই দেশৰ সকলো ঠাইতে মানুহৰ মনলৈ প্ৰথমে দুৰ্নীতিৰ কথাই আহে। অসমৰ সংবাদ মাধ্যমে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকৃত স্বৰূপ জনতাৰ সমুখত উদঙাই দিবলৈ ভয় নকৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তুলনাত অসমৰ সংবাদ মাধ্যমে আজিও নিজৰ স্বতন্ত্ৰতা বৰ্তাই ৰাখিবলৈ সমৰ্থ হৈছে। অসমৰ জনতাই এতিয়া পৰিৱৰ্তন বিচাৰিছে।’’— গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এখন সংবাদমেল সম্বোধন কৰি এইদৰে কয় কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ পৱন খেৰাই। সৰ্বভাৰতীয় কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই প্ৰকৃতাৰ্থত জনতাৰ উন্নয়ন কৰাৰ পৰিৱৰ্তে নিজৰ প্ৰচাৰতহে গুৰুত্ব দিছে। প্ৰচাৰৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদীকো চেৰ পেলাইছে বুলিও কয় খেৰাই। দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ সীমা চেৰাই ক্ষমতাৰ ৰাগীত মত্ত হৈ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ‘এ’ ফৰ ‘আছাম’ৰ পৰিৱৰ্তে ‘এ’ ফৰ ‘আদানি-আম্বানি’ কৰিলেও আচৰিত হ’বলগীয়া একো নাই বুলি মন্তব্য কৰে খেৰাই। অসমৰ জনজাতীয় লোকৰ ১৩ হাজাৰ একৰৰো অধিক ভূমি আদানি-আম্বানিৰ হাতত গতাই দি, চাহ বাগিচাৰ মাটি নিজৰ হাতলৈ নি ৰিজ’ৰ্ট স্থাপন কৰা দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে ক্ষমা নকৰে বুলিও কয় খেৰাই। ”আগতে অসমৰ চাহপাত সমগ্ৰ দেশলৈ গৈছিল। আজিকালি সত্য কথা কোৱা লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষী দেশৰ ভিন্ন প্ৰান্তলৈ যায়।’’- আৰক্ষীক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰি হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলাই আহিছে বুলি উল্লেখ কৰি এইদৰে কয় খেৰাই। অসমৰ জনতাই হিমন্ত বিশ্ব শৰ্মাৰ স্বৰূপ বুজি এইবাৰৰ নিৰ্বাচনত পৰাস্ত কৰিবলৈ যো-জা চলাই থকাৰ কথা জানিব পাৰিয়েই ‘এছআৰ’ৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা আৰএছএছ-বিজেপিৰ কাৰ্যকৰ্তা আনিবলৈ অভিসন্ধি ৰচিছে বুলিও অভিযোগ কৰে পৱন খেৰাই। ”নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগৰ সহযোগত মহাৰাষ্ট্ৰ, হাৰিয়ানা, বিহাৰৰ দৰে ৰেল অথবা বাছেৰে আন ৰাজ্যৰ পৰা আৰএছএছ-বিজেপিৰ কাৰ্যকৰ্তা লৈ আহিবলৈ হিমন্ত চৰকাৰে প্ৰস্তুতি চলাইছে। এয়া হৈছে অসমৰ জনতাৰ ভোটাধিকাৰৰ ওপৰত আক্ৰমণ। অসমৰ জনতাই এই আক্ৰমণ ওফৰাই পেলাব লাগিব।’-খেৰাই কয়। যোৱা ৫ বছৰত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালে কিমান মাটি দখল কৰিছে তাৰ তালিকা ৰাজহুৱা কৰিবলৈকো খেৰাই প্ৰত্যাহ্বান জনায়। তেওঁ কয়, ”হিমন্ত বিশ্ব শৰ্মাই ক্ষমতা অবিহনে এদিনো থাকিব নোৱাৰে। কিয়নো তেওঁ ভালকৈয়ে জানে যে যিদিনাই তেওঁ ক্ষমতাত নাথাকিব সেইদিনাই তেওঁৰ ঠিকনা হৈ পৰিব কাৰাগাৰ।’’ প্ৰকৃত স্বৰূপ উদঙাই দি দুৰ্নীতিপৰায়ণ হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণৰ ক্ষেত্ৰত সহায় কৰাতো পূণ্যৰ কাম বুলিও মন্তব্য কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। সংবাদমেলত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে মামী টেক্স অবিহনে অসমত এতিয়া একো নচলে। অসমত উদ্যোগ গঢ়িবলৈ হ’লে, ব্যৱসায় কৰিবলৈ হ’লে মামী টেক্স আগতে দিলেহে কাম সিজিব। অসমৰ ৰাইজে এই মামী টেক্সৰ পৰা পৰিত্ৰাণ বিচাৰিছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। গগৈয়ে আৰু কয় যে অসমৰ ভাল কামবোৰৰ পৰিৱৰ্তে দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰীগৰাকীকলৈহে সমগ্ৰ দেশতে চৰ্চা চলাতো অসমৰ বাবে অতিশয় দুৰ্ভাগ্যজনক। ফেক ভিডিঅ’ক লৈ কেবাজনো কংগ্ৰেছ নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভতো সংবাদ মেলত মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ কয়, ”ফেক ভিডিঅ’ক লৈ আমাৰ কেবাজনো নেতা-কৰ্মীক এৰেষ্ট কৰিছে। কি ফেক ভিডিঅ’ নাজানো। কিন্তু দেশৰ ইতিহাসৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰীগৰাকী যে হিমন্ত বিশ্ব শৰ্মা সেয়া সমগ্ৰ দেশেই জানে। গতিকে আমাৰ নেতা-কৰ্মীক এৰেষ্ট কৰিলে কি হ’ব? সঁচাটো সকলোৱে জানেই। আমি গ্ৰেপ্তাৰলৈ ভয় নকৰো। আমি সঁচাটো কৈ যাম। অসমৰ ভিতৰত ইমান জেল নাই, যে কংগ্ৰেছৰ সকলো নেতা-কৰ্মীক জেললৈ পঠিয়াব।’’ গগৈয়ে প্ৰত্যাহ্বান জনাই কয় যে ফেক ভিডিঅ’ক লৈ কাৰোবাক যদি এৰেষ্ট কৰিব লাগে তেন্তে আগতে মুখ্যমন্ত্ৰীকে এৰেষ্ট কৰিব লাগিব, কিয়নো মুখ্যমন্ত্ৰীয়ে দিনে-নিশাই কেৱল ফেক কথাই কৈ থাকে। গগৈয়ে প্ৰত্যাহ্বান জনাই কয়, ”মুখ্যমন্ত্ৰীয়ে বিধানসভাত নেলীক লৈ পুৰণি ৰিপ’ৰ্ট উলিয়াইছে। পুৰণা কাগজ উলিওৱাৰ তেওঁৰ যদি ইমানেই ছখ আছে যদি টাডা কেছৰ কাগজো দেখুৱাওক। মানৱেন্দ্ৰ শৰ্মা হত্যাৰ ৰিপ’ৰ্ট উলিয়াওক। সাৰদা কেলেংকাৰী, লুইছ বাৰ্গাৰ কেলেংকাৰীৰ কাগজবোৰ উলিয়াওক। অৰুণাচলৰ এজন প্ৰাক্তন মন্ত্ৰীৰ চুইছাইড নোটত হিমন্তৰ নাম আছে, সেয়াও উলিয়াওক। মণিপুৰৰ কুকি উগ্ৰপন্থীয়ে হিমন্তৰ নাম লৈছিল। সাহস আছে যদি বিধানসভাত সেইবোৰো উলিয়াওক।’’ অসমৰ ৰাইজ হিমন্ত চৰকাৰক বিদায় দিবলৈ একত্ৰিত হৈছে বুলিও সংবাদমেলত মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ”নিৰ্বাচন আয়োগৰে বুজাবুজিৰ বাদে হিমন্তৰ একো নাই। জাতি, মাটি, ভেটি ৰক্ষা কৰিম বুলি কৈ অসমৰ মাটি বহিৰাগত বণিয়াক দিলে, ৰেলৰ চাকৰি বহিৰাগতক দিলে, ঠিকা দিলে বাহিৰৰ লোকক। অসমৰ ৰাইজে হিমন্ত বিশ্ব আৰু বিজেপিৰ স্বৰূপ চিনিছে। এতিয়া আৰু ঠগাব নোৱাৰিব।’’- কংগ্ৰেছে অসমৰ ৰাইজৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি যাব বুলি উল্লেখ কৰি গগৈয়ে কয়। হিমন্ত বিশ্ব চৰকাৰে প্ৰশ্নলৈ ভয় কৰে আৰু প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি নিৰ্বাচন আয়োগৰ সহায় ল’বলৈ যো-জা চলাইছে বুলিও মন্তব্য কৰে গগৈয়ে। ইফালে, বিহাৰৰ নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, ”ভাৰতৰ নিৰ্বাচনৰ আয়োগৰ প্ৰতি দেশবাসীৰ যি বিশ্বাস আছিল, বিহাৰৰ নিৰ্বাচনৰ পিছত সেয়া নাইকিয়া হৈছে। বিহাৰৰ নিৰ্বাচনে যদি কাৰোবাক ক্ষতি কৰিছে তেন্তে বিৰোধীতকৈয়ো নিৰ্বাচন আয়োগক অধিক ক্ষতি কৰিছে। নিৰ্বাচন আয়োগৰ ৰেপুটেশ্যনক লৈ যদিহে চিন্তা আছে তেন্তে ডিজিটেল ভোটাৰ লিষ্ট প্ৰকাশ কৰক।’’ অসমৰ মিডিয়া দিল্লীৰ মিডিয়াৰ দৰে নহয় আৰু হিমন্তৰ হাতৰ পুতলা হৈ যোৱা নাই বুলি উল্লেখ কৰি অনাগত দিনবোৰতো এতিয়াৰ দৰেই চৰকাৰ ভুল কাম-কাজসমূহ জনতাৰ মাজত উদঙাই দিবলৈকো গগৈয়ে আহ্বান জনায়। আনহাতে নেপালৰ নোটত ভাৰতৰ মানচিত্ৰৰ ভিতৰৰ অংশ অন্তৰ্ভুক্ত কৰাক লৈ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত পৱন খেৰাই কয়, ”নেপালেও আজি ভাৰতক ৰঙা চকু দেখুৱাবলৈ সাহস কৰিছে। চীনে অৰুণাচলক লৈ কি কৰিছে সেয়া দেশে আজি দেখিছে। সেই চীনক মোদীয়ে কিমানবাৰ ক্লীনশ্বিট দি আহিছে সেয়াও জনতাই দেখিছে। শক্তিশালী ভাৰতৰ দুৰ্বল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সেয়ে আজি নেপাল, চীন, বাংলাদেশ, শ্ৰীলংকা সকলোৱে ভাৰতক ৰঙাচকু দেখুৱাবলৈ সাহস কৰিছে।’’ উল্লেখ্য যে, আজিৰ সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অসমৰ মিডিয়া বিভাগৰ তত্বৱধায়ক চৰণ সিং চাপ্ৰাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, প্ৰাক্তন সাংসদ আৰপি শৰ্মা আৰু অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰো উপস্থিত আছিল।










