গুৱাহ‍াটী,১৪ মাৰ্চ :দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটীৰ বিমানবন্দৰত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে আদৰণি জনায়। আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক মা কামাখ্যা আৰু গুৰুজনাৰ পৱিত্ৰ ভূমিলৈ আন্তৰিক স্বাগতম জনাইছোঁ। তেখেতৰ এই ভ্ৰমণৰ জৰিয়তে অসমত বিভিন্ন গুৰুত্বপূর্ণ উন্নয়নমূলক প্ৰকল্প জাতিৰ বাবে উছৰ্গা কৰা হ’ব। লগতে তেখেতৰ প্ৰেৰণাদায়ক বাণীয়ে আমাৰ যুৱ শক্তিক নতুন উদ্যম আৰু দিক-নিৰ্দেশনা প্ৰদান কৰিব।’’ আনহাতে আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনালোঁ। অসমবাসীয়ে তেখেতৰ অনুষ্ঠানৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেখেতে একাধিক উন্নয়নমূলক প্ৰকল্প মুকলি কৰি উন্নয়নৰ যাত্ৰাক এক নতুন গতি দিব আৰু যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিব।’’ বিমানবন্দৰত বিজেপিৰ ৰ‍াজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটা, সাংসদ বিজুলী কলিতা মেধিকে ধৰি দলীয় নেতৃত্বই উষ্ম আদৰণি জনোৱাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কইনাধৰাৰ ৰাজ্যিক অতিথিশাললৈ আহে।