গুৱাহাটী,৪ এপ্ৰিল : “সকলোৱে জানে যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ দৰে পৃথিৱীত ক’তো এনে দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী নাই। হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰষ্টাচাৰৰ কাহিনী দেশৰ গাঁৱে গাঁৱে আজি চৰ্চা হৈছে। মানুহ মুখ্যমন্ত্ৰী হয় জনতাৰ হিতৰ বাবে কাম কৰিবলৈ। কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনৰ এইবিলাক কথাক লৈ কোনো ভ্ৰুক্ষেপ নাই।” – এই মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, বিহাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ড০ অখিলেশ প্ৰসাদ সিঙৰ। শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি এইদৰে কয় ড০ অখিলেশ প্ৰসাদ সিঙে। সংবাদমেলত তেওঁ কয়, “অসমৰ সৈতে বিহাৰৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। অসমৰ চাহ আৰু চাহ বাগান আজি ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত হোৱাৰ ক্ষেত্ৰত বিহাৰৰ শ্ৰমিকে সহায় কৰিছে। অবিভক্ত বিহাৰৰ আদিবাসী সম্প্ৰদায়ৰ লোক অসমলৈ আহিছিল। সেইসকল লোকে চাহ বাগানক সমগ্ৰ বিশ্বত স্থাপিত কৰাত সহায় কৰিছে। ব্ৰিটিছ শাসনকালত স্বাধীনতা আন্দোলনৰ সময়ছোৱাত অসমত আহোম জনগোষ্ঠীৰ নেতৃত্বত ব্ৰিটিছক ইয়াৰ পৰা খেদি পঠিয়াইছিল। ব্ৰিটিছৰ সাহস হোৱা নাছিল অসমৰ মানুহক আক্ৰমণ কৰিবলৈ। অসমৰ সাম্ৰাজ্যৰ পতন কৰিব পৰা নাছিল ব্ৰিটিছে। কিন্তু সেই অসম আজি শোচনীয় অৱস্থাৰ মাজেৰে আগবাঢ়িছে।” তেওঁ কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক চিণ্ডিকেট স্থাপন কৰি পৰিকল্পিতভাবে অসমক লুণ্ঠন কৰিছে। আজি এইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত ২ লাখ কোটিতকৈ অধিক ঋণ লোৱা হৈছে। এই ঋণৰ ভাৰ ৰাজ্যখনৰ নাগৰিকৰ ওপৰত পৰিছে। বিপৰীতে আপোনালোকৰ সন্মুখত আছে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈৰ সৈতে মই কাম কৰিছো। তৰুণ গগৈক মই মুখ্যমন্ত্ৰীৰূপে দেখিছো। তৰুণ গগৈ কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়ত তেওঁৰ কাৰ্যকাল আমি দেখিছো। তেওঁ অসমৰ মান-মৰ্যাদা উচ্চ শিখৰলৈ নিছিল। আজি মই গৌৰৱ গগৈক সংসদত সহযোগী সদস্যৰূপে পাইছো। গৌৰৱ গগৈয়ে যেতিয়া সংসদত বক্তব্য ৰাখে তেতিয়া মোৰ এনে লাগে যে তেওঁ পিতৃৰ পদাংক অনুসৰণ কৰি অসমখনক উচ্চ শিখৰলৈ নিব খোজে। এই সপোন প্ৰতিগৰাকী অসমীয়াৰ সপোন।” তেওঁ লগতে কয়, “আজি কংগ্ৰেছে গৌৰৱ গগৈৰ নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আজি দুৰ্নীতিত নিমজ্জিত চৰকাৰখনক অসমৰ সকলো ভাই-ভনী অসমীয়াই ৯ এপ্ৰিলত বিদায় দিয়ক। ভোটৰ দ্বাৰা এইখন চৰকাৰক আক্ৰমণ কৰক। এইখন চৰকাৰক আমি খেদিব লাগিব। এইখন চৰকাৰে কেৱল সংঘৰ্ষ, হিন্দু-মুছলমান কৰি শাসনত যিকোনো প্ৰকাৰে থাকিব বিচাৰিছে। আজি অসমে এইখন চৰকাৰক এক মিনিটৰ বাবে সহ্য কৰি থাকিব নোৱাৰে। চাহ বাগিচাৰ লোক, শ্ৰমিক, কৃষকৰ আজি ভয়াৱহ অৱস্থা। এইসকলৰ বাবে কোনো সুবিধা নাই। সেইকাৰণে এইসকল লোকে এইখন চৰকাৰক বিদায় দিব।” জুবিন গাৰ্গৰ প্ৰসংগত তেওঁ কয়, “অসমবাসীয়ে জানে যে কি পৰিস্থিতিত জুবিন গাৰ্গক ৰহস্যজনক স্থিতিত বাহিৰলৈ প্ৰেৰণ কৰা হৈছিল। জুবিন গাৰ্গক বাহিৰলৈ নিয়া লোকসকল কোন আছিল, সেই কথাৰ বিষয়ে অসমবাসী আৰু দেশবাসী অৱগত। কংগ্ৰেছ দলে গেৰাণ্টী দিছে যে কংগ্ৰেছ চৰকাৰে ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গৰ পৰিয়ালক ন্যায় প্ৰদান কৰিব। আমি সিদ্ধান্ত লৈছো যে জুবিন গাৰ্গৰ নামত এখন আৰ্ট আৰু সংস্কৃতিৰ সৈতে জড়িত বিশ্বস্তৰীয় প্ৰতিষ্ঠান নিৰ্মাণ কৰা হ’ব। এইখন চৰকাৰে ভূমিহীনক যি অস্থায়ী পট্টা দিয়াৰ ব্যৱস্থা কৰিছে তাৰ বিপৰীতে কংগ্ৰেছ চৰকাৰে ভূমিহীনক স্থায়ী ম্যাদী পট্টা প্ৰদান কৰিব৷ জ্যেষ্ঠ নাগৰিকৰ কল্যাণৰ বাবে সুকীয়া বিভাগ স্থাপন কৰা হ’ব আৰু মাহিলী ১২৫০ টকা দিয়া হ’ব৷ প্ৰতিটো পৰিয়ালক স্বাস্থ্য বীমা যোগে ২৫ লক্ষ টকাৰ বীমা প্ৰদান কৰা হ’ব৷ আমাৰ নেতা ৰাহুল গান্ধীয়ে অসমলৈ আহি স্পষ্ট কৰিছে যে অসমত ভাৰতীয় সংবিধানৰ ধাৰা ২৪৪ যোগে স্বায়ত্ব শাসিত অঞ্চলসমূহৰ পৰিচালনাৰ বাবে ব্যৱস্থা প্ৰদান কৰা হ’ব। যাতে সেই অঞ্চলৰ সিদ্ধান্ত গুৱাহাটী আৰু দিল্লীৰ পৰা লোৱা নহয়। এয়া কোনো প্ৰতিশ্ৰুতি নহয় অসমৰ ভৱিষ্যতৰ কথা। আমি অধিকাৰ অসমৰ প্ৰতিঘৰ লোকলৈ প্ৰেৰণ কৰিব খোজো। আজি অসমবাসীয়ে জানে যে আদানিৰ সৈতে বিদ্যুৎ ক্ষেত্ৰত এক চুক্তি কৰা হৈছে। ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰীয়ে এই চুক্তি কৰিছে। ২০৩৫-৩৬ বৰ্ষলৈ ২৮৫০ মেগাৱাট বিদ্যুৎ প্ৰয়োজন হ’ব। কিন্তু আদানিৰ সৈতে ৩২০০ মেগাৱাট বিদ্যুতৰ চুক্তি কৰা হৈছে। ব্যৱস্থাক কেনেদৰে ভ্ৰষ্টাচাৰত নিমজ্জিত কৰা হৈছে এয়া এক উদাহৰণ।” কিছুদিন পূৰ্বে অসমলৈ অহাৰ প্ৰসংগত তেওঁ কয়, “কামাখ্যাত পূজা কৰিবলৈ যোৱাৰ সময়ত গাড়ীৰ চালকজনে ৰাস্তাত প্ৰত্যক্ষ কৰা গ্ৰীণ বাছ দেখুৱাই কৈছিল যে এই বাছবোৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ। কেৱল বাছেই নহয় পঞ্চতাৰকা হোটেল দেখুৱাই কৈছিল যে এইখনো মুখ্যমন্ত্ৰীৰ। তেওঁলোকে মোক কৈছিল যে ১০ ৰ পৰা ১২ হাজাৰ বিঘা মাটি মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালে লৈছে। যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনেদৰে লুণ্ঠন কৰিছে সেইখন ৰাজ্যৰ গৰীৱ জনতাৰ অৱস্থা কেনেকুৱা হ’ব পাৰে সেয়া চিন্তা কৰিবলগীয়া। মই আজিৰ সংবাদমেলৰ পৰা অসমৰ ভোটদাতা মুৰব্বীসকলক আহ্বান কৰিব খুজিছো যে এইখন চৰকাৰক ভোটেৰে আক্ৰমণ কৰি কংগ্ৰেছৰ চৰকাৰ গঠন কৰক। যাতে অসমৰ মানুহৰ আকাংক্ষা আৰু আশা অনুযায়ী এখন চৰকাৰ অসমত পৰিচালিত হয়। কংগ্ৰেছৰ চৰকাৰ আহিলে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া কৃষকে উচিত দাম লাভ কৰিব পাৰিব। ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ পিছতে কৃষকক কৰা প্ৰতিশ্ৰুতি আমি পূৰণ কৰিছো। আমি এই ৰাজ্যসমূহত এমাহৰ ভিতৰত কৃষক ঋণ মাফ কৰিছো। আমি অসমত যি প্ৰতিশ্ৰুতি দিছো সেয়া চৰকাৰ গঠনৰ পিছতে পূৰণ কৰিম। মই আশা কৰিছো যে ভ্ৰষ্টাচাৰত ডুবি থকা চৰকাৰক বিদায় দিবলৈ অসমৰ মাতৃ, ভগ্নী, যুৱক, কৃষক, মজদুৰে এটা এটা ভোট প্ৰদান কৰি এইখন চৰকাৰক বিদায় দি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰিব। অসমত এখন জনতাৰ দ্বাৰা জনতাৰ কাম কৰা চৰকাৰ গঠন হ’ব।” বিহাৰত নিৰ্বাচনৰ মাজতে মহিলাৰ একাউণ্টত ১০ হাজাৰকৈ টকা প্ৰদান কৰাৰ প্ৰসংগ টানি আনি তেওঁ কয়, “আজি বিহাৰৰ পৰিস্থিতি কি সকলোৱে জানে। মাৰ্চ মাহৰ দৰমহা দিবলৈ চৰকাৰৰ টকা নাই। লোভ দি ভোট সংগ্ৰহ কৰা পৰম্পৰাৰ বিৰুদ্ধে ৰাইজে সেয়ে আঁতৰি থাকিব লাগে।” তেওঁ অসমৰ জনতাক আহ্বান জনাই কয়, “বিহাৰৰ পৰা মানুহে শিক্ষা ল’ব লাগে। বিহাৰৰ দৰেই যদি অসমত হয় তেন্তে ইয়াৰো জনসাধৰণৰ অৱস্থা বেয়াৰ দিশে যাব। মই নাভাবো যে অসমৰ মানুহ এনে জালত ভৰি দিব৷” সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ কোঁৱৰ আৰু মিডিয়া বিভাগৰ ৰাষ্ট্ৰীয় সমন্বয়ক অৰুণ ত্ৰিপাঠি উপস্থিত আছিল।










