লখিমপুৰ, ১২ মে ; কেৰালাৰ কোৰিকতত অৱস্থিত ভি কে কৃষ্ণমেনন ইণ্ডৰ ষ্টেডিয়াম ১১ আৰু ১২ মেত অনুষ্ঠিত হোৱা ৪৬তম আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ পৰা জাপান শতকান এছ’চিয়েচন অসমৰ অধীনত ভাৰতীয় দলত অংশগ্ৰহণ কৰা ৪ গৰাকী খেলুৱৈয়ে দুটাকৈ সোণৰ আৰু দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । লখিমপুৰ জিলাৰ জে এছ কে এ শতকান কাৰাটে এছ’চিয়েচনৰ স্বীকৃতিপ্ৰাপ্ত এ এ মাৰ্চিয়েল আৰ্টছ এণ্ড স্পৰ্টছ একাডেমীৰ চাৰিগৰাকী খেলুৱৈয়ে দুটা সোণৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰি লখিমপুৰ জিলা তথা অসম তথা ভাতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কুমিত্তে শাখাত সোণৰ পদক প্ৰাপ্ত খেলুৱৈ সকল হল ক্ৰমে কুনাল ৰয় আৰু ৰীয়া ৰাণী শইকীয়া, ব্ৰঞ্জৰ পদক প্ৰাপ্ত খেলুৱৈ সকল হল দুবৰী দত্ত আৰু ঘ্ৰীতম ভূঞা

Home অসম আৰু উত্তৰপূব আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত ২ টাকৈ সোণ আৰু ২ টাকৈ ব্ৰঞ্জৰ পদক বুটলিলে...