লখিমপুৰ, ১২ মে ; লখিমপুৰৰ জহিংস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধিনস্থ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ আয়োজনত আৰু জাষ্ট বি ফ্ৰেণ্ডলি (IBF) নামৰ বে চৰকাৰী সংস্থানটিৰ সহযোগত আজি লখিমপুৰৰ ৮ নং বার্ডৰ লিলাৱতী বৰদলৈ হিন্দী স্কুলৰ সমীপত পদপথৰ গৰাকীবিহীন প্রায় বিশটাতকৈ অধিক কুকুৰক জলাতংক ৰোগ প্ৰতিৰোধকাৰী ছিটা প্ৰদান কৰাৰ এক বিশেষ কার্যসূচী অনুস্থিত কৰা হয়। জনসাধাৰণৰ মাজত জলাতংক ৰোগৰ সজাগতা বিয়পোৱাৰ উদ্দেশ্যে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্রী সকলৰ দ্বাৰা ৰাষ্ট্ৰীয় সেৱা যোজনাৰ (NSS) অধীনত এখন বাটৰ নাটো প্রদর্শন কৰা হয়। উল্লেখযোগ্য যে জলাতংক ৰোগাক্রান্ত পদপথৰ গৰাকীবহীন কুকুৰৰ কামোৰ অথবা আচোঁৰৰ জৰিয়তেই এই ৰোগ মানুহৰ বসতিপ্রধান অঞ্চলত অন্যান্য জীব-জন্তু আৰু মানুহলৈ বিয়পাৰ সম্ভৱনা সর্বাধিক।উক্ত কার্যসূচীত মহাবিদ্যালয়খনৰ বহু কেইগৰাকী ছাত্র-ছাত্রীৰ লগতে অংশগ্রহণ কৰে সহযোগী অধ্যাপক ডঃ অসীম শইকীয়া আৰু ডঃ মঞ্জুলা ৰেগন, সহকাৰী অধ্যাপক ডঃ নয়জ্যোতি পাঠক, ডঃ আদিত্য বৰুৱা, ডঃ সিদ্ধার্থ শংকৰ পাঠক, ডঃ সুৰক্ষা সুবেদী ডেকা, ডঃ পল্লরী পাঠক, ডঃ প্রশান্ত চাবুকধৰা, ডঃ কংকণ জ্যোতি দত্ত, ডঃ কৌশিক কাকতি, ডঃ মনোজ কলিতা, ডঃ প্রিয়ংকা কোঁৱৰ, ডঃ দিপান্বিতা বর্মণ আৰু অনুষ্ঠানটিৰ মুখ্য আয়োজক ডঃ অঞ্জন জ্যোতি নাথে। মহাবিদ্যালয়খনৰ সহযোগী বিজ্ঞানগুৰু ডঃ উমা ৰাম তামুলীয়ে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে অঞ্চলটিৰ এগৰাকী পশুপ্রেমী সমাজ সেরিকা ৰুণু মজুমদাৰৰ লগতে অন্যান্য জনসাধাৰনকো কৃতজ্ঞতা প্রকাশ কৰি কয় যে জলাতংকৰ দৰে এক মাৰাত্মক ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে পদপথৰ কুকুৰক জলাতংকৰ প্রতিষেধক দিয়াই ৰখাৰ এনে সফল পদক্ষেপে আন পশুপ্রেমী সমাজ সেবক লোককো অনুপ্ৰেৰণা যোগব আৰু জলাতংক ৰোগমুক্ত এটি সুস্থ পৰিৱেশতন্ত্র গঢ় দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব