লখিমপুৰ, ১১ মে ; অসম গণ পৰিষদ দলৰ নীতি আদর্শৰ প্ৰতি আকৰ্ষিত হৈ আজি নৱগঠিত ৰঙানদী বিধানসভা সমষ্টিৰ মুখ্য কাৰ্যালয়ত তিনি শতাধিক পুৰুষ মহিলাই দলটোত যোগদান কৰে। গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে সুদীৰ্ঘ বছৰ ধৰি বিভিন্ন জাতীয় সমস্যাৰ সমাধানৰ বাবে বিগত সময়চোৱাত কংগ্ৰেছ, বিজেপি দলৰ চৰকাৰৰ ওচৰত দাবী জনাই অহাৰ পাছতো ফল নধৰাত তেঁওলোকৰ সমস্যাসমূহ সমাধানৰ বাবে অসম গণ পৰিষদ দলৰ কাষ চপিছে । অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক জয়ন্ত খাউণ্ড উপস্থিতিত গোর্খা সম্প্ৰদায়ৰ তিনি শতাধিক পুৰুষ মহিলাৰ লগতে আন আন দলৰ সদস্যইও দলটোত যোগদান কৰে।
ৰঙানদী সমষ্টি সমিতিৰ সভাপতি বসন্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক , জিলা সমিতিৰ সভাপতি দীপক বৰদলৈ, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দেউতি দাস উপস্থিত থাকে । গণ পৰিষদৰ কেন্দ্ৰীয় নেতা জয়ন্ত খাউণ্ডে নতুনকৈ দললৈ অহা কৰ্মী সকলক গামোচা পিন্ধাই সকলোকে দললৈ আদৰণি জনোৱাৰ লগতে আঞ্চলিক দলটোৰ তৃণমূল পৰ্যায়ত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ তেওঁ আহ্বান জনায়।
