লখিমপুৰ, ১৩ মে ; তেজপুৰৰ প্ৰাক্তন সাংসদ ,বৰ্ষীয়ান কংগ্ৰেছ নেতা ,লখিমপুৰৰ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ আজি পুৱা ৯-৩০ বজাত দেহাৱসান ঘটে । মৃত্যুৰ সময়ত তেওঁৰ ৮৮ বছৰ বয়সত মৃত্যু ঘটা হাজৰিকাই বিগত কিছুদিন ধৰি বৃক্ক আৰু হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ আছিল ৷ দিল্লীৰ ওখলাৰ ফৰ্টিজ হাস্পতালত চিকিৎসাধীন অৱস্থাত সোমবাৰে পুৱা ৯-৩০ বজাত তেওঁৰ মৃত্যু হয় ।মৃত্যুৰ সময়ত পত্নী ছায়া হাজৰিকা সহ দুই পুত্ৰ আৰু কন্যাক ইহসংহাৰত এৰি থৈ যায় ৷ তেওঁৰ বৰপুত্ৰ ৱাশ্বিংটন আৰু সৰুপুত্ৰ ছিংগাপুৰৰ নিৱাসী ৷ ১৯৯৬ চনত তেজপুৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাই নৰ্থ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবিভক্ত অসমত সৰ্বোচ্চ নম্বৰ লাভ কৰি প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হোৱা তেওঁ আছিল প্ৰথমগৰাকী ব্যক্তি ৷ দিল্লী স্কুল অৱ ইকনমিক্সৰ পৰা স্নাতক ডিগ্ৰী আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ষ্টেট ট্ৰেডিং কৰ্পাৰেচন এম এম টি চিৰ প্ৰাক্তন পৰিচালন সঞ্চালক, বাকপটু ঈশ্বৰ প্ৰসন্ন হাজৰিকাই লখিমপুৰৰ পৰা গৈ নয়ডাত স্থায়ী ভাবে বসবাস কৰে । লখিমপুৰৰ সুযোগ্য সন্তান ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ মৃত্যুত লখিমপুৰত গভীৰ শোকৰ ছা পৰিছে৷ উল্লেখ্য যে ১৯৯৬ চনত তেওঁ কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব লাভ কৰি তেজপুৰৰ পৰা সাংসদ হিচাপে বিজয়ী হৈছিল৷ ইয়াৰ পূৰ্বেও তেওঁ ১৯৯১ চনত অগপৰ পৰা অগপৰ পৰা প্ৰাৰ্থীত্ত্ব লাভ কৰিছিল যদিও সেইবাৰ তেওঁ পৰাজয় বৰণ কৰিছিল। তেওঁৰ মৃত্যুত লখিমপুৰৰ বিভিন্ন অনুষ্ঠান, সংগঠনে শোক প্ৰকাশ কৰিছে।
