লখিমপুৰ, ষ্টাফ ৰিপটাৰ ১৩ মে : ৰাজ্যত মদৰ অবাধ আৰু সৰ্বাধিক প্ৰচলনেৰে ৰাজ্যখনৰ উঠি অহা প্ৰজন্মক নিশেষ কৰি জাতিটোৰ প্ৰতিবাদী কন্ঠ সমূহ বন্ধ কৰাৰ প্ৰয়াস কৰিছে চৰকাৰে। এই মন্তব্য হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে চৰকাৰে ৰাজহ সংগ্ৰহৰ বাবে মদক বাছি লোৱাটো মাৰাত্মক ভূল হৈছে। এই ভূল জাতিটোক অনাগত দিনত ধ্বংস কৰিব বুলিও দাবী কৰিছে সংগঠনটোৱে। একেটা বিবৃতিতে বৈশ্য আৰু দাসে কয় যে মদৰ পৰা সংগ্ৰহ হোৱা ৰাজহেৰে ৰাজ্য চলাবলৈ গৈ যদি জাতিটোৱেই ধ্বংস হৈ যায়, তেন্তে তেনে উন্নয়ন কাৰ বাবে বুলিও সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰে। বিবৃতিটোত বৈশ্য আৰু দাসে আনহাতে কয় যে ইতিমধ্যেই চৰকাৰে বিনামূলীয়া আচনি সমাহাৰে জাতিটোক কৰ্মবিমুখ তথা অকামিলা কৰিছে। তাৰ পিছত ভূতৰ ওপৰত দানৱ পৰাৰ দৰে যদি মদৰ সহজ আৰু অবাধ প্ৰচলন কৰি দিয়া হয়, তেনেহলে অসমৰ উঠি অহা যুৱ প্ৰজন্ম সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ আশংকা আছে। গতিকে মদৰ সহজ আৰু অবাধ প্ৰচলনৰ তীব্ৰ বিৰোধিতা কৰি চৰকাৰৰ প্ৰয়োজন হলে বিনামূলীয়া আচনি সমূহ বাতিল কৰি আৰ্থিক স্হিতিৰ সন্তোলন কৰিবলৈ আহ্বান জনায় পৰিষদৰ নেতা দুগৰাকীয়ে। ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্হিতি গ্ৰহণ কৰি জনসাধাৰণৰ মনত আশাৰ সঞ্চাৰ কৰা চৰকাৰখনে মদৰ ক্ষেত্ৰত লবলৈ ওলোৱা ভূমিকাই জনসাধাৰণক যথেষ্ট হতাশ কৰিছে বুলি পৰিষদে উল্লেখ কৰে।