লখিমপুৰ , , ৪ জুলাই ঃ লখিমপুৰৰ নকাড়ী ৰেলগেটত দীৰ্ঘদিন ধৰি এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে বিভিন্ন দল-সংগঠনৰ লগতে লখিমপুৰাবাসীয়ে দাবী কৰি অহাৰ সময়তে অৱশেষত নকাড়ীত উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাত লখিমপুৰবাসীয়ে সন্তোষ প্ৰকাশ কৰিছে । উল্লেখ্য যে অতি ব্যস্তপূৰ্ণ পথটোৰ নকাড়ীত থকা ৰেল ক্ৰচিঙত উৰণীয়া সেতু নিৰ্মাণ নোহোৱাত মেডিকেল কলেজকে ধৰি, লীলাবাৰী বিমান বন্দৰ, জহিঙত থকা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, চেইণ্টমেৰীজ হাইস্কুল আদিলৈ যোৱা লোকসকলে নকাড়ী ৰেলগেটত যিকোনো সময়ত ট্ৰেইন অহাৰ সময়ত ৰৈ যাব লগা হৈছিল৷ শেহতীয়াকৈ এই ব্যস্তপূৰ্ণ তথা গুৰুত্বপূৰ্ণ পথটোৰ নকাড়ীত উত্তৰ পূৱ সীমান্ত ৰেল বিভাগৰ লগতে গড়কাপ্তানি পথ সংমণ্ডল বিভাগে নকাড়ী ৰেলগেটত এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে সকলো প্ৰস্তুতি গ্ৰহণ কৰিছিল যদিও উৰণীয়া সেতু নিৰ্মাণত পলম কৰি আহিছিল৷ নকাড়ীত উৰণীয়া সেতু নিৰ্মাণৰ বাবে চৰকাৰে ৬৫ কোটি টকা ধাৰ্য কৰি এই কামৰ বাবে অভিজিৎ পাটোৱাৰী নামৰ ঠিকাদাৰজনক নিবিদা যোগে দায়িত্ব অৰ্পণ কৰাৰ পিছত যোৱা দুদিন পূৰ্বে উৰণীয়া সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷ যি কাৰ্যই নেকি লখিমপুৰবাসীক আনন্দিত কৰি তুলিছে৷ ইতিমধ্যে পথৰ দুয়োকাষে থকা ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি বিভিন্ন লোকৰ বাসগৃহ, দেৱাল আদি ভাঙি দি উৰণীয়া সেতু নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ কৰিছে৷ উল্লেখ্য যে ৰেল বিভাগে ৫০ শতাংশ আৰু অসম চৰকাৰে ৫০ শতাংশ ধন আৱKI×ন দিয়াৰ পিছত ইতিমধ্যে উৰণীয়া সেতু নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰায় ১৭ কোটি টকা লাভ কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি এই উৰণীয়া সেতুৰ মূল দলংখন ৩৪০ মিটাৰ হোৱাৰ লগতে সৰ্বমুঠ ৰ কিলোমিটাৰ দৈঘ্যৰ হ’ব৷ নকাড়ী ৰেলগেটৰ ৰেল পথৰ পৰা দুয়োদিশে ১৭০ মিটাৰকৈ উৰণীয়া সেতুৰ দৈঘ্যৰ্ হ’ব ৩৪০ মিটাৰ৷ এই উৰণীয়া সেতুখন দক্ষিণ দিশে নকাড়ী এছ আৰ¸ তেল ডিপুৰ পৰা উত্তৰ দিশে অভনীশ হাস্পতাল পৰ্যন্ত মুঠ এক কিলোমিটাৰ দৈঘ্যৰ হ’ব উৰণীয়া সেতুখন৷ উৰণীয়া সেতুৰ নিৰ্মাণৰ বাবে ৩২ কোটি টকা আৰু বাকী ৩০ কোটি টকা ভূমি অধিগ্ৰহণকে ধৰি অন্যান্য দিশত ব্যয় কৰা হ’ব বুলি বিভাগীয় সূত্ৰত প্ৰকাশ৷ এছ অ পি ডি আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগা এই উৰণীয়া সেতুৰ ভূমি পুজন ইতিপূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় তিনিমাহ পূৰ্বে সম্পন্ন কৰিছিল৷ আনহাতে উৰণীয়া সেতুৰ তলত থকা পূৰ্বৰ পথটো বন্ধ হৈ যোৱাৰ খবৰে বিভিন্ন লোকক অসন্তুষ্ট কৰি তুলিছে৷ বিভাগীয় সূত্ৰ অনুসৰি ৰেলগেটৰ উত্তৰ আৰু দক্ষিণ দুয়োদিশে বৃহৎ বৃহৎ পকী দেৱাল মাৰি পূৰ্বৰ পথটো বন্ধ কৰি দিয়া হ’ব