কৰ্বিআংলং ৭জুলাই: কাৰ্বি আংলং জিলাৰ লাংহিন পামগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা কাৰ্বি আংলং জিলা এবচু’ৰ উপদেষ্টা সুৰেশ বসুমতাৰী(৪৭)ৰ শনিবাৰে নিশা ১০.৩০ বজাত কৰ্কট (কেঞ্চাৰ) ৰোগত আক্ৰান্ত হৈ অকাল বিয়োগ হয় । শিক্ষক তথা এবচু নেতা সুৰেশ বসুমতাৰী পূৰ্বতে সোণাপুৰ আঞ্চলিক এবচু’ৰ সম্পাদক আৰু সভাপতি আছিল । ইয়াৰ উপৰি পৰবৰ্তী সময়ত কাৰ্বি আংলং জিলা এবচু’ৰ সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি অহাৰ লগতে বৰ্তমান কাৰ্বি আংলং জিলা এবচু’ৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । শিক্ষা আৰু সামাজিক তথা অগ্ৰণী বড়ো সংগঠনসমূহৰ লগত জড়িত থকাৰ সময়তে ইপিনে কাৰ্বি আংলং জিলা বথৌ মহাসভাৰ যুৱ শাখাৰ প্ৰাক্তন সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এগৰাকী কন্যা আৰু পুত্ৰ সন্তান এৰি গুচি যায় । শিক্ষক তথা এবচু নেতা গৰাকীৰ অকাল বিয়োগত সমগ্ৰ লাংহিন অঞ্চলতে গভীৰ শোকৰ ছাঁ পেলায় । এবচু’ৰ নেতা গৰাকীৰ অকাল মৃত্যুৰ পিছতে তেওঁৰ বাসগৃহত কাৰ্বি আংলং জিলা অগ্ৰণী বড়ো সংগঠনৰ বিষয় ববীয়া সকলৰ লগতে কাৰ্বি আংলং জিলা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়েও উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জনায় ।