লখিমপুৰ, ৯ জুলাইঃ বৃহত্তৰ গোগামুখ অঞ্চল আৰু গোগামুখ এন চি ডি মহাবিদ্যালয়লৈ আহিছে আনন্দৰ খবৰ ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° সুৰজিৎ দলে আৰু অংকশাস্ত্ৰ বিভাগৰ সহযোগী অধ্যাপক সদানন্দ পেগুলৈ আমেৰিকাৰ প্ৰখ্যাত তথা ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় মেৰিলেণ্ড ষ্টেট্ ইউনিভাৰ্চিটিৰ ফালৰ পৰা সোণৰ পদক প্ৰদান কৰিছে ৷ উক্ত পদক মূলতঃ মহাবিদ্যালয়খনৰ প্ৰতি আগবঢ়োৱা সেৱামূলক কৰ্মসূচী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কৰা ত্যাগ স্বীকাৰৰ বাবে মেৰিলেণ্ড ষ্টেট্ ইউনিভাৰ্চিটিয়ে প্ৰদান কৰিব ৷ সমাগত ১৪ জুলাই নতুন দিল্লীৰ লডি পথস্থিত গুলমোহৰ ইণ্ডিয়ান হেবিটেত চেন্টাৰত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মেৰিলেণ্ড ষ্টেট্ ইউনিভাৰ্চিটিৰ বিষয়-ববীয়াৰ উপস্থিতিত প্ৰদান কৰা হ’ব ৷ ১৮৫৬ চনতে প্ৰতিষ্ঠা লাভ কৰা আমেৰিকাৰ মেৰিলেণ্ড ষ্টেট্ ইউনিভাৰ্চিটিয়ে ঝাৰখণ্ডস্থিত ইণ্ডিয়ান ৰিচাৰ্চ ফ’ৰামৰ সহযোগত সমগ্ৰ ভাৰতৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শৈক্ষিক মান, শৃংখলাবদ্ধতাৰ তথ্য সংগ্ৰহ কৰে আৰু উক্ত তথ্যৰ ভিত্তিত উক্ত বঁটাসমূহ প্ৰদান কৰে ৷ উল্লেখনীয় যে, গোগামুখ লটাকস্থিত এন চি ডি মহাবিদ্যালয়খন ২০০৫ চনত প্ৰতিষ্ঠা লাভ কৰিছিল ৷ মহাবিদ্যালয়খনৰ চৌপাশ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ আৰু শৃংখলাবদ্ধতাৰ ফালৰ পৰা মহাবিদ্যালয়খন অন্যন্য ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দলে আৰু সহযোগী অধ্যাপক সদানন্দ পেগুৰ সোণৰ পদক লাভে এন চি ডি মহাবিদ্যালয়ৰ লগতে সমগ্ৰ গোগামুখত এক আনন্দৰ লহৰ তুলিছে ৷ ড° সুৰজিৎ দলে হৈছে গোগামুখ মিছন বালিগাঁৱৰ এমিয়েল দলে আৰু দূৰ্গামণি পেগু দলেৰ সন্তান ৷ সদানন্দ পেগু হৈছে গোগামুখ এদূত গাঁৱৰ অমূল্য পেগু আৰু মনৱতী পেগুৰ সন্তান

Home অসম আৰু উত্তৰপূব গোগামুখ এন চি ডি মহাবিদ্যালয়লৈ আনন্দৰ খবৰঃ অধ্যক্ষ-অধ্যাপকলৈ আমেৰিকাৰ প্ৰখ্যাত মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ...