Fearless Press

জুবিন গাৰ্গৰ ন্যায় বিচাৰি গুৱাহাটীৰ ৰাজপথত বিজেপিৰ বিশাল সমদল

গুৱাহাটী,২৬ অক্টোবৰ : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীত আজি গুৱাহাটীত বিজেপিয়ে ন্যায় যাত্রা কৰে। ‘ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী’ শ্ল’গানেৰে বিজেপি কৰ্মকৰ্তাসকলে ৰাজপথত সমদল কৰি জুবিন গাৰ্গৰ ন্যায় বিচাৰে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হোৱা বিজেপিৰ ন্যায় সমদলত অংশ লৈ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ হেজাৰ হেজাৰ জুবিন অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়। ৰাইজৰ আহ্বানক ন্যায়ালয়ে যাতে গভীৰভাৱে গ্ৰহণ কৰি ন্যায় প্রক্রিয়া ত্বৰান্বিত কৰাৰ ব্যৱস্থা কৰে তাৰ বাবে মহামান্য ন্যায়ালয়কো উপস্থিত অনুৰাগীসকলে আহ্বান জনায়। এচাম অশুভ আৰু ৰাজনৈতিক দলৰ একাংশই প্ৰাণৰ শিল্পীগৰাকীক ৰাজনীতিৰ মাজলৈ টানি অনা কার্যক বিজেপি দলে ধিক্কাৰ দিয়ে। বিৰোধীয়ে জুবিন গাৰ্গক ৰাজনীতিৰ বিষয় হিচাপে ব্যৱহাৰ কৰাতো অসমীয়া সমাজৰ কাৰণে অতি দুর্ভাগ্যজনক কথা বুলি বিজেপিৰ কৰ্মকৰ্তাসকলে সদৰি কৰে। সমদলত অংশ গ্ৰহণ কৰি মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয়, “জুবিন গাৰ্গ অসমীয়া জাতীয় জীৱনৰ এক সম্পদ। তেওঁৰ ন্যায়ৰ বাবে আজি আমি সমবেত হৈছো। আমি অসমখনক অস্থিৰ কৰিব পৰা অশুভ শক্তিৰ বিৰুদ্ধেও সজাগ সচেতন হৈ থাকিব লাগিব। আমাৰ ন্যায়ালয়ৰ ওপৰত বিশ্বাস আৰু আস্থা আছে। এচাম মানুহে ৰাজনৈতিক অভিসন্ধিৰে আমাক জুবিনৰ অনুৰাগী নোহোৱা বুলি ক’ব বিচাৰে। আমি প্ৰত্যেকজনেই জুবিনৰ অনুৰাগী। জীৱিত কালত সমালোচনা কৰা সকল আজি জুবিনৰ অনুৰাগী হৈ পৰিছে।” আনহাতে মন্ত্রী ডাঃ ৰণোজ পেগুৱে কয়, “বিজেপিয়ে কোনো লোকৰ বিৰুদ্ধে এই আন্দোলন কৰা নাই। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এয়া এক যোগাত্মক আন্দোলন। জুবিন গাৰ্গৰ ন্যায় ক্ষীপ্ৰতৰ হওক।” সেইদৰে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে কয়, “বিজেপিৰ কৰ্মকৰ্তাসকল অসমৰ বাহিৰৰ নেকি? আমি জুবিন গাৰ্গৰ অনুৰাগী নহয় নেকি? এগৰাকী সাংসদ হিচাপে নহয়, এগৰাকী জুবিন অনুৰাগী হিচাপে এই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰিছোঁ।” সমদলত অংশ গ্ৰহণ কৰা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয়, “জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গে ন্যায় পাওক, তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হওক।” সমদলত অসম চৰকাৰৰ কেবিনেট মন্ত্রী অজন্তা নেওগ, দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়াকে ধৰি দলৰ কেইবাগৰাকী নেতাই অংশ গ্ৰহণ কৰে।

Exit mobile version