গুৱাহাটী,২৭ অক্টোবৰ : এছ আই টিৰ তলবত আজি চি আই ডি হেড কোৱাৰ্টাৰত উপস্থিত শ্যামকানু মহন্ত দুই সহযোগী। ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত সমুদ্ৰৰ বক্ষত ৰহস্যজনক মৃত্যু হোৱা অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে এছ আই টি। ইতিমধ্যে এছ আই টিৰ জালত পৰি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ আঠজনকৈ অভিযুক্ত বৰ্তমান ন্যায়িক জিন্মাত কাৰাৰুদ্ধ হৈ আছে। জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হোৱা ঘটনাৰ সময়ত ছিংগাপুৰতে উপস্থিত আছিল শ্যামকানু মহন্তৰ দুই ঘনিষ্ঠ সহযোগী গিৰ্বাণী ডেকা আৰু ৰঞ্জন ইংতি। এছ আই টিয়ে জুবিন মৃত্যু সন্দৰ্ভত ইতিমধ্যে বিভিন্ন জনৰ ভাষ্য গ্ৰহণ কৰাৰ মাজতে এছ আইটিৰ তলবত সোমবাৰে চি আই ডি হেড কোৱাৰ্টাৰত উপস্থিত হয় শ্যামকানু মহন্তৰ দুই ঘনিষ্ঠ সহযোগী গিৰ্বাণী ডেকা আৰু ৰঞ্জন ইংতি ৷ দুয়োৱে এছ আইটিৰ আগত নিজৰ ভাষ্য প্ৰদান কৰে।










