গুৱাহাটী,১ নৱেম্বৰ : “অসমৰ ৰাইজ এফালে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এফালে। ৩১ অক্টোবৰৰ দিনটোত অসমবাসীয়ে জুবিনদাৰ ‘ৰৈ ৰৈ বিনালে’ চালে আৰু মুখ্যমন্ত্ৰীয়ে নিজকে ৰজা বুলি ভাবি লৈ ভোটৰ অংকত আঁচনি আঁচনি কৰি ঘূৰি ফুৰিছে।” — সাংবাদিকৰে হোৱা এক বাৰ্তালাপত আজি এইদৰে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ”আমি সকলোৱে কালিৰ দিনটোত জুবিনদাৰ কণ্ঠ শুনিবলৈ বিচাৰিছিলো, সংলাপ শুনিবলৈ বিচাৰিছিলো, চেহেৰাটো চাবলৈ বিচাৰিছিলো। সকলোৰে কালি ৰৈ ৰৈ বিনালে চাই জুবিনদাক আকৌ এবাৰ চুবলৈ, চাবলৈ, শুনিবলৈ মন গৈছিল। পিছে মুখ্যমন্ত্ৰী নগ’ল। কাশ্মীৰ ফাইল চাবলৈ মন্ত্ৰী, চৰকাৰী বিষয়া-কৰ্মচাৰীক যে নিৰ্দেশ দিছিল, আজিৰ তাৰিখত ৰৈ ৰৈ বিনালেক লৈ সেই একে নিৰ্দেশ দিছে নে নাই আমি নাজানো। নিৰ্দেশ দিলেও, নিদিলেও আমি সকলোৱে চিনেমাখন চালো। মোৰতো আৰু কেবাবাৰো চাবলৈ মন গৈছে। চিনেমাখন চোৱাৰ পিছত কিবা এটা ছীন, কিবা এটা ডাইলগ মিছ কৰিলো নেকি বুলি ভাবি আকৌ চাবলৈ মন গৈ আছে। আকৌ আমি চাবলৈ যাম। গোটেই অসমৰ মানুহৰ আৱেগ তেনেকুৱা। বিপৰীতে মুখ্যমন্ত্ৰীয়ে অকলশৰীয়া হৈ আবোল-তাবোল কথা কৈ আছে।’’— গগৈয়ে কয়। ৰজাসকলে পিছত চাব, আগতে প্ৰজাসকলে চাই লওক বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ কয়, ”মুখ্যমন্ত্ৰীয়ে ইয়াতে ভুল কৰিছে। মই শুদ্ধ কৰি দিছো। আমি ৰজাৰ দেশত নাই। মুখ্যমন্ত্ৰী হৈছে জনতাৰ প্ৰতিনিধি, জনতাৰ সেৱক। কিন্তু মুখ্যমন্ত্ৰীয়ে নিজকে ৰজা বুলি ভাবিছে, জনসাধাৰণক প্ৰজা ভাবিছে। তেওঁৰ আৰু আমাৰ মাজত পাৰ্থক্য এয়াই যে তেওঁ নিজকে ৰাইজৰ ৰজা বুলি ভাবে আৰু আমি ৰাইজক ৰজা জ্ঞান কৰো। তেওঁ ৰাইজক ভয় খুৱাবলৈ চেষ্টা কৰে আৰু আমি ৰাইজক ভয় কৰো। তেওঁ ৰাইজৰ প্ৰশ্ন কৰা অধিকাৰ কৰ্তন কৰিবলৈ বিচাৰে, সমালোচনা কৰাৰ অধিকাৰ আজুৰি ল’ব বিচাৰে আৰু আমি ৰাইজৰ অধিকাৰ মুকলি হোৱাতো বিচাৰো। তেওঁ ৰাইজৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ বিচাৰে, আমি ৰাইজৰ কণ্ঠ স্বাধীন হোৱাতো বিচাৰো। তেওঁ নিজৰ ভুলটো লুকুৱাবলৈ বিচাৰে, আমি আমাৰ ভুল হ’লেও ৰাইজক প্ৰশ্ন কৰাৰ অধিকাৰ আমি দিবলৈ বিচাৰো।’’ ইফালে, ১০ ছেপ্টেম্বৰ সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত গগৈয়ে কয় যে ১০ ছেপ্টেম্বৰ কেতিয়াবাই পাৰ হৈ ১০ নৱেম্বৰ পাবৰে হ’ল, কিন্তু মুখ্যমন্ত্ৰীৰ সকলো দাবী অসাৰ প্ৰমাণিত হ’ল। গগৈয়ে কয়, ”এতিয়াৰ চৰকাৰৰ এছআইটি মানেই হৈছে তথ্য লুকুওৱাৰ অপচেষ্টা। এছআইটি মানেই বিভ্ৰান্তি সৃষ্টি কৰা। জোনমণি ৰাভাৰ ক্ষেত্ৰতো বিভ্ৰান্তি, মোৰ ক্ষেত্ৰতো বিভ্ৰান্তি আৰু মই আজি কৈছো যে জুবিন গাৰ্গৰ এছআইটিৰ ক্ষেত্ৰতো বিভ্ৰান্তিয়ে দেখা গৈছে। মুখ্যমন্ত্ৰীয়ে যদিও আৰক্ষীৰ যোগেদি কিছু ধাৰা লগাইছে তাৰ মাজতে তেওঁ শ্যামকানু মহন্ত সাৰি যাব পৰাকৈ আজিৰে পৰা নহয়, সেই আৰম্ভণিৰে পৰা ব্যৱস্থা কৰি ৰাখিছে।’’ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পাৰ হৈ যোৱাৰ পিছতো শিল্পীগৰাকীৰ মৃত্যু কেনেদৰে হ’ল সেয়া আজিও ৰাইজক চৰকাৰে জনাব নোৱাৰিলে বুলিও সমালোচনা কৰে গৌৰৱ গগৈয়ে। জুবিনৰ প্ৰকৃত অনুৰাগী প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যকো ওভতি ধৰে গৌৰৱ গগৈয়ে। অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা কোনো কথাতে চাৰ্টিফিকেট নিবিচাৰে বুলি উল্লেখ কৰি গগৈয়ে কয়, ”মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক চাৰ্টিফিকেট দিয়াতো বন্ধ কৰক। কোন দেশপ্ৰেমিক, কোন দেশদ্ৰোহী, কাৰ কেৰেক্টাৰ ভাল, কাৰ কেৰেক্টাৰ বেয়া, কোন জুবিনদাৰ অনুৰাগী, কোন জুবিনদাৰ অনুৰাগী নহয় এইবোৰৰ চাৰ্টিফিকেট মুখ্যমন্ত্ৰীৰ পৰা ৰাইজে বিচৰা নাই। মুখ্যমন্ত্ৰীৰ ওচৰত এটাই কাম আছে। সেয়া হ’ল, আজি এমাহ পাৰ হৈ গ’ল যদিও জুবিনদাৰ মৃত্যু কেনেকৈ হ’ল ৰাইজক জনাব পৰা নাই, গতিকে সেইটো প্ৰথমে জনাওক।’’ অসমৰ ৰাইজে কোনো ৰাজনৈতিক দলৰ পৰা জুবিন অনুৰাগী প্ৰকৃত নে ভুৱা সেই চাৰ্টিফিকেট নিবিচাৰে বুলি স্পষ্ট কৰি দি গগৈয়ে কয় যে কংগ্ৰেছ দলেও কোন জুবিন অনুৰাগী হয়, কোন নহয় সেয়া কেতিয়াও ক’ব নোৱাৰে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত শদিয়াত উলিওৱা বাইক ৰেলীত সেয়ে দলীয় পতাকা লগোৱা নাই বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ এছআইটিয়ে কৰা তদন্তৰ প্ৰকৃত তথ্য অসমৰ ৰাইজে জানিবলৈ নাপাব বুলিও সদৰী কৰে গগৈয়ে। ১০ ছেপ্টেম্বৰৰ পিছত অসমবাসীৰ সমুখত মুখ্যমন্ত্ৰীয়ে ‘ক্ৰেডিবিলিটি’ সম্পূৰ্ণকৈ হেৰুৱাই পেলাইছে বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে। পাকিস্তানী এজেণ্ট সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে পুনৰাই কৰা মন্তব্যক লৈ সাংবাদিকে প্ৰশ্ন কৰাত গগৈয়ে কয়, ”মুখ্যমন্ত্ৰীয়ে নিজেই নিজক এনে এখন জালত ফঁচাই দিলে যে এতিয়া তেওঁ নিজেও তাৰ পৰা ওলাব পৰা নাই। ১০ ছেপ্টেম্বৰত কি হ’ল সেয়া সকলো ৰাইজে দেখিলে। তেওঁৰ গ্ৰহণযোগ্যতা এতিয়া অসমৰ ৰাইজৰ মাজত একেবাৰে নাই। তাৰ বিপৰীতে আমি যি কথা কৈছো সেয়া ৰাখিছো। আমি কৈছিলো প্ৰতিটো মাহৰ ১০ তাৰিখে আমি যোগদান কাৰ্যসূচী ৰাখিম। আমি ১০ ছেপ্টেম্বৰত কথা ৰাখিলো। ১০ অক্টোবৰত কথা ৰাখিলো। অহা ১০ নৱেম্বৰতো আমি কথা ৰাখিম। আমি ৰাইজৰ আগত যেনেকৈ কৈছিলো তেনেকৈ কৰি দেখুৱাইছো। কিন্তু মুখ্যমন্ত্ৰীয়ে আজিলৈকে কথাৰ বাহিৰে কোনো প্ৰমাণ ৰাইজক দিব পৰা নাই।’’ কংগ্ৰেছৰ শক্তি আৰু জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পোৱাত, ১০ ছেপ্টেম্বৰত ফটকা ‘ফুচ’ হোৱাত মুখ্যমন্ত্ৰীয়ে ভয় খাইছে বুলিও গৌৰৱ গগৈয়ে কয়। তেওঁ মুখ্যমন্ত্ৰীক উদ্দেশ্যি কয় যে কংগ্ৰেছ দল তথা গৌৰৱ গগৈক মুখ্যমন্ত্ৰীয়ে ভয় কৰিব নালাগে, অসমৰ ৰাইজক ভয় কৰক। অসমৰ ৰাইজক ভয় কৰাতো তেওঁলোকৰ বাবেই ভাল বুলিও কয় গৌৰৱ গগৈয়ে। ২৪ জনীয়া নিৰাপত্তাৰক্ষীৰ দল আৰু মুখ্যমন্ত্ৰীৰ লগতে গৃহমন্ত্ৰীৰো যি দায়িত্ব পাইছে সেয়া সদায় তেওঁৰ লগত নাথাকিব বুলিও হিমন্ত বিশ্ব শৰ্মাক সোঁৱৰাই দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ক্ষমতা যোৱাৰ পিছত, চৰকাৰ যোৱাৰ পিছত আজি যি ৰাইজক পুলিচৰ ভয় দেখুৱাইছে, চিআইডিৰ ভয় দেখুৱাইছে, এছআইটিৰ ভয় দেখুৱাইছে, ফেচবুকত পোষ্ট দিলে জেললৈ পঠিয়াই ভয় দেখুৱাইছে সেই ৰাইজৰ মাজতে তেওঁ থাকিব লাগিব। যি সাংবাদিকসকলক প্ৰশ্ন কৰিলে বিভিন্ন ভয়-ভাবুকি দেখুৱাই সেই সাংবাদিকসকলৰ মাজতে তেওঁ থাকিব লাগিব বুলিও কয় গগৈয়ে। ক্ষমতা যোৱাৰ পিছত ৰাইজৰ মাজত ভালদৰে থাকিবলৈ হ’লে ৰাইজক দম দিয়াতো বন্ধ কৰিবলৈকো কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। অসমৰ বুদ্ধিজীৱী আৰু শিল্পীসকলৰ চৰিত্ৰহনন কৰাৰ দৰে কুকাৰ্য বন্ধ কৰিবলৈকো মুখ্যমন্ত্ৰীক আহ্বান জনায় গৌৰৱ গগৈয়ে। তেওঁ কয় যে অসমৰ ৰাইজে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ গেংটোৰ চৰিত্ৰ কেনেকুৱা সেয়া ভালদৰেই জানে। ৰাইজক এতিয়া ভাল ব্যৱহাৰ কৰিলে, অসমৰ ৰাইজৰ আৱেগক সন্মান কৰিলেহ ক্ষমতা গ’লে ৰাইজৰ মাজত ছিকিউৰিটি নোহোৱাকৈ থাকিব পৰা পৰিৱেশ পাব বুলিও সকীয়াই দিয়ে গগৈয়ে। নহ’লে ডুবাই অথবা ছিংগাপুৰলৈ যাব লাগিব বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। উল্লেখ্য যে, আজি প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা চৌহদত “আমাৰ বুথ,আমাৰ দায়িত্ব”( শীৰ্ষক এক প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলা কংগ্ৰেছ কমিটিয়ে প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে নিযুক্তি দিয়া ২ গৰাকীকৈ পৰ্য্যবেক্ষকক প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত সভাপতি গৌৰৱ গগৈৰ লগতে এআইচিচিৰ সহ:তত্বাবধায়ক বিকাশ উপাধ্যায়, সাংসদ তথা নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ ৰকিবুল হুছেইন আৰু এআইচিচিৰ ৱাৰ ৰুমৰ বিষয়ববীয়াসকল উপস্থিত থাকে।