গুৱাহাটী,২ নৱেম্বৰ : গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ বি পি চলিহা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত দেওবাৰে একাদশ অসম ৰাজ্যিক মাষ্টাৰ চুইমিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়। ১০ বজাত পতাকা উত্তোলনৰ মাধ্যমেৰে অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা প্ৰাক্তন তাৰকা সাঁতোৰবিদ ফাৰিয়া জামান, অসম সাঁতোৰ সন্থাৰ উপসভাপতি চন্দন জ্যোতি ফুকন, প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী আৰু কামৰূপ জিলা সাঁতোৰ সন্থাৰ সম্পাদক নৱজ্যোতি গগৈক ক্ৰীড়াৰ ক্ষেত্রখনলৈ আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জনায় যে প্ৰতিযোগিতাত ২৫ বছৰ উৰ্ধ্বৰ ১৫০ গৰাকী পুৰুষ আৰু মহিলাই অংশ গ্ৰহণ কৰে। মুঠ ২৪২টা ইভেন্টত প্ৰতিযোগীসকলে প্ৰতিদ্বন্দিতা আগবঢ়ায়। আজিৰ প্ৰতিযোগিতাৰ বিশেষ আকৰ্ষণ আছিল ৭০ বছৰ উৰ্ধ্বৰ পুৰুষ আৰু মহিলা অংশগ্ৰহণকাৰীৰ মাজত হোৱা উত্তেজনাপূৰ্ণ প্ৰতিদ্বন্দিতা। প্ৰতিযোগিতাৰ অন্তত প্ৰশিক্ষক বাবুল গুৰুঙ, মমী বৰ্মন, ডেভিদ চেতিয়া, কল্যাণ কিশোৰ কাশ্যপ, দিব্যজ্যোতি শৰ্মা প্ৰমুখ্যে বিশিষ্ট অতিথি-খেলুৱৈ সকলে বঁটা প্ৰদান কৰে।










