গুৱাহাটী,৩ নবেম্বৰ : বাঁহীৰ সুৰৰ লহৰৰে দেশবাসীক মোহাচ্ছন্ন কৰিবলৈ দীপক শৰ্মা আৰু নাই। যকৃতৰ ৰোগৰ সৈতে দীৰ্ঘদিনে যুঁজ দি অৱশেষত হাৰ মানিলে বিশিষ্ট বাঁহীবাদকগৰাকীয়ে। নিজম পৰি ৰ’ল সেই বাঁহীৰ সুৰ। বাঁহীৰ অমিয়া সুৰেৰে অনুৰাগীৰ হৃদয় জুৰ পেলাবলৈ দীপক শৰ্মা আৰু নাই। দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত অসুস্থ হৈ থকা দীপক শৰ্মাই ২২ অক্টোবৰত উন্নত চিকিৎসাৰ বাবে চেন্নাই লৈ গৈছিল। ইয়াৰ পূৰ্বে গুৱাহাটীত চলিছিল তেওঁৰ চিকিৎসা। চেন্নাইৰ ৰেলা হাস্পতালতে আজি পুৱা ৬.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট বাঁহীবাদকগৰাকীয়ে। মাত্ৰ ৫৭ বছৰ বয়সত বিদায় মাগিলে দীপক শৰ্মাই। ১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰিছিল দীপক শৰ্মাই। তেওঁৰ পিতৃ আছিল প্ৰয়াত প্ৰমোদ শৰ্মা। সম্প্ৰতি গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা আছিল বাঁহীবাদকগৰাকী। সৰুৰে পৰা সংগীতত ৰাপ আছিল দীপক শৰ্মাৰ। মেট্ৰিকত দেওনা পাৰ হৈয়ে গুৱাহাটীলৈ আহিছিল বাঁহী শিকিবলৈ। বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাৰ পৰা তেওঁ লৈছিল বাঁহীৰ শিক্ষা। ইয়াৰ পাছতে তেওঁ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰাৰ সমান্তৰালতভাৱে ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ইনষ্ট্ৰুমেণ্টেল মিউজিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ লগতে লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা সংগীত বিশাৰদ ডিগ্ৰী লাভ কৰিছিল। অল ইণ্ডিয়া ৰেডিঅ’, গুৱাহাটীৰ বি. হাই গ্ৰেডেড আৰ্টিষ্ট (বাঁহী বাদন) আছিল শৰ্মা। ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ কেইবাটাও জনপ্ৰিয় গীতত বাঁহীবাদন কৰাৰ লগতে ৩খনকৈ ছবিত সংগীত পৰিচালনা কৰিছিল দীপক শৰ্মাই। জংকি পানৈ, জাতিংগা ইত্যাদি (২০০৭), লুইতক ভেটিব কোনে (২০১৩) ছবিত সংগীত পৰিচালনা কৰি লাভ কৰিছিল খ্যাতি। শিল্পীগৰাকীৰ অকাল বিয়োগত ৰাজ্যৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে।










