গুৱাহাটী, ১০ ফেব্ৰুৱাৰীঃ ‘দেশতকৈ মামী ডাঙৰ নহয়’ শ্ল’গানেৰে আজি ৰাজ্য উত্তাল কৰি তোলে অসম প্ৰদেশ কংগ্ৰেছে৷ ক্ষমতাৰ অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালে ১২ হাজাৰ বিঘা মাটি দখল কৰাৰ অভিযোগত কংগ্ৰেছে এই প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ১২ হাজাৰ বিঘা মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰি আৰু মাটি দখল কাণ্ডৰ বিৰুদ্ধে তদন্ত দাবী কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছে৷ বিশ্বনাথ, চৰাইদেউ, ডিব্ৰুগড়, লখিমপুৰ, দৰং, শোণিতপুৰ, নগাঁও, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তামুলপুৰ, গোৱালপাৰা, নলবাৰী, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, ধুবুৰীকে ধৰি প্ৰতিখন জিলাতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ আনহাতে, গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আজি কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাসৰ নেতৃত্বত শ শ কংগ্ৰেছ কৰ্মীয়ে দেশতকৈ মামী ডাঙৰ নহয়, মুখ্যমন্ত্ৰীৰ অবৈধ সম্পত্তিৰ হিচাপ লাগে, মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে ১২ হাজাৰ বিঘা মাটিৰ মালিক হ’ল হিমন্ত বিশ্ব শৰ্মা, বিজেপি হায় হায় আদি ধ্বনিৰে উত্তাল কৰি তোলে। জ্যেষ্ঠ কংগ্ৰেছ নেতা কুশল শৰ্মা, গোপাল শৰ্মা, ৰমেন শৰ্মা, মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ইমদাদ হুছেইন, কৃদীপ বৰ্মন, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপক দাসকে ধৰি কেবাগৰাকী জ্যেষ্ঠ নেতা-কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উল্লেখ্য যে, মানৱেন্দ্ৰ শৰ্মা কম্পপ্লেক্সত কেইবা শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰতিবাদ কৰি থকাৰ সময়তে প্ৰতিবাদ দমন কৰিবলৈ আৰক্ষী নিয়োগ কৰে৷ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ পৰিয়ালে ১২ হাজাৰ বিঘা মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰে এই মাটি কেনেকৈ দখল কৰিলে তাৰ উচিত তদন্ত দাবী কৰে৷










