গুৱাহাটী,২৫ ফেব্ৰুৱাৰী : মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ নেতৃত্বত দুই বহিৰাগত কোম্পানীয়ে কাম নকৰাকৈ লাখ লাখ টকা আত্মসাতৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই। বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি নলবাৰী টাউনত বেম্বো বেৰিকেড আৰু নলা নিৰ্মাণৰ নামত ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৰাতুল কলিতাই। তেওঁ কয়, “২০২২ চনৰ ৬ মাৰ্চত আন্তঃগাঁথনি উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধন আঁচনিৰ অধীনত নলা নিৰ্মাণৰ কাম হাতত লৈছিল। কিন্তু নলা নিৰ্মাণত ব্যাপক কেলংকাৰী সংঘটিত হৈছে।” আৰ টি আই যোগে লাভ কৰা তথ্যৰে তেওঁ কয়, “২০২২ চনৰ ৬ মাৰ্চত নলবাৰী চহৰ-হাজো ৰোডত ২৮০০ মিটাৰ, পল্লা ৰোডত ২৫৫০ মিটাৰ, বৰমা ৰোডত ২১০০ মিটাৰ, এন টি ৰোডত ১৮৫০ মিটাৰ, কলেজ ৰোডত ১০০৪ মিটাৰ আৰু পি এন চি ৰোডত ৪৪১ মিটাৰকে ধৰি মুঠ ১০.৭৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল। ঠিকা আৱণ্টন দিছিল নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অতি ঘনিষ্ঠ হাইটেক ইকো গ্ৰীণ কনষ্ট্ৰাকচন এল এল পি আৰু এ জি এইচ কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড নামৰ দুটা বহিৰাগত কোম্পানীক। হাইটেক ইকো গ্ৰীণ কনষ্ট্ৰাকচন এল এল পিয়ে লাভ কৰিছিল গ্ৰুপ ‘এ’ৰ অন্তৰ্ভুক্ত হাজো ৰোড, পল্লা ৰোড আৰু বৰমা ৰোডৰ নলা নিৰ্মাণৰ ঠিকা। আনহাতে এ জি এইচ কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে লাভ কৰিছিল এন টি ৰোড, কলেজ ৰোড আৰু পি এন চি ৰোডৰ নলা নিৰ্মাণৰ ঠিকা। আঁচনি মতে নলা নিৰ্মাণ কাৰ্যত উন্নত মানৰ টাটা শক্তি, জিন্দাল আদিৰ দৰে উন্নত মানদণ্ডৰ ৰড ব্যৱহাৰ কৰাৰ নিৰ্দেশ আছিল। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আশীষ ধন্য হোৱাৰ সুবাদতে উন্নত মানদণ্ডৰ ৰডৰ ঠাইত দুয়োটা কোম্পানীয়ে দুৰ্গাপুৰৰ দৰে একেবাৰে নিম্ন মানদণ্ডৰ ৰড ব্যৱহাৰ কৰে। নলাৰ কংক্ৰিট নিৰ্মাণ কাৰ্যত উন্নত গ্ৰেডৰ ভঙা শিল ব্যৱহাৰ কৰাৰ নিৰ্দেশৰ পৰিৱৰ্তে দুয়োটা কোম্পানীয়ে কম দামৰ সাধাৰণ নদীৰ শিল ব্যৱহাৰ কৰিছে। এনেকুৱা নিম্ন মানদণ্ডৰ শিল আৰু ৰড ব্যৱহাৰ কৰা নলাসমূহ কিমান দিন ভালে থাকিব। স্থানীয় ৰাইজে এই কামক লৈ সন্দেহ কৰিছে।” তেওঁ লগতে কয়, “মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আশীৰ্বাদ পুষ্ট এই দুই কোম্পানীয়ে বেম্বো বেৰিকেডৰ নামত কাম নকৰাকৈয়ে ৩৫ লাখ ৪৫ হাজাৰ ৬৯৮ কোটি টকা আত্মসাৎ কৰিছে। পল্লা ৰোডৰ বেম্বো বেৰিকেডৰ নামত ৬,০৬,৮১৪ টকা, হাজো ৰোডত ৬,৬৬,৩০৬ টকা, বৰমা ৰোডত ৪,৯৯,৭২৯ টকা, এন টি ৰোডত ৪,৪০,২৩৭ টকা, পি এন চি ৰোডত ৬,৬৬,৩০৬ টকা, কলেজ ৰোডত ৬,৬৬,৩০৬ টকা আত্মসাৎ কৰে দুই বহিৰাগত কোম্পানীয়ে। আকৌ নলাৰ ওপৰত ব্যৱহাৰ কৰা অৰ্ণামেণ্টেল গ্ৰীলৰ নামত নিম্ন মানদণ্ডৰ লোহা ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে।”










