Fearless Press

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনস্থ বিভিন্ন সঞ্চালকালয় আৰু সংস্থাৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

গুৱাহাটী,১৬ জুন : স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি অসম সচিবালয়ত বিভাগটোৰ অধীনস্থ বিভিন্ন সঞ্চালকালয় আৰু সংস্থাৰ কাম-কাজ, স্বাস্থ্যসূচকৰ অগ্ৰগতি, চলি থকা কাৰ্যসূচীসমূহৰ ৰূপায়ণ আৰু ভৱিষ্যৎ কৰ্মপন্থা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ৰাজ্যখনৰ বহিঃবিভাগ আৰু অন্তঃবিভাগত আগবঢ়োৱা স্বাস্থ্যসেৱাৰ বৰ্তমান অৱস্থা, ৰোগীৰ উপস্থিতি আৰু চিকিৎসা সেৱাৰ মানদণ্ডৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয়। লগতে মাতৃ মৃত্যুৰ হাৰ (এম এম আৰ) আৰু শিশুমৃত্যুৰ হাৰ (আই এম আৰ) হ্ৰাস কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপসমূহ আৰু ইয়াৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়। চিকিৎসালয়সমূহত সংক্ৰমণজনিত জটিলতা আৰু ছেপছিছ প্ৰতিৰোধৰ বাবে চলি থকা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে ৰোগী সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত ‘ইউ-উইন’ ডিজিটেল মঞ্চৰ জৰিয়তে শিশুসকল আৰু গৰ্ভৱতী মহিলাসকলৰ টিকাকৰণ ব্যৱস্থা অধিক ফলপ্ৰসূভাৱে ৰূপায়ণৰ বিষয়েও আলোচনা কৰা হয়। লগতে গৰ্ভাশয়-মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে এইচ পি ভি প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি অধিক সংখ্যক হিতাধিকাৰীক সামৰি লোৱাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। শিশুসকলৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে চলি থকা ‘সৰু আই’ প্ৰতিষেধক কাৰ্যসূচীৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়। একেদৰে দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলসমূহত স্বাস্থ্যসেৱা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভ্ৰাম্যমাণ চিকিৎসা গোটসমূহে পালন কৰি থকা ভূমিকাৰ বিষয়ে আলোচনা কৰা হয়। বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰো পৰ্যালোচনা কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যক্তিগত পৰিচ্ছন্নতা, পুষ্টিকৰ খাদ্যাভ্যাস, মানসিক স্বাস্থ্য, নিয়মীয়া ব্যায়াম, নিচামুক্ত জীৱনধাৰা আৰু বিভিন্ন সংক্ৰামক তথা অসংক্ৰামক ৰোগ সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে স্বাস্থ্য ক্লাবসমূহৰ জৰিয়তে চলি থকা বিভিন্ন সচেতনতামূলক কাৰ্যসূচীৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হয়। বিদ্যালয় পৰ্যায়ৰ পৰাই স্বাস্থ্যসচেতন নাগৰিক গঢ়ি তোলাৰ ক্ষেত্ৰত স্বাস্থ্য ক্লাবসমূহে অধিক সক্ৰিয় ভূমিকা পালন কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। লগতে স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ মাজত অধিক সমন্বয় সাধন কৰি এই কাৰ্যসূচীক অধিক ফলপ্ৰসূ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।ইয়াৰ উপৰিও ‘যক্ষ্মামুক্ত ভাৰত’ অভিযানৰ অধীনত যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে চলি থকা বিভিন্ন কাৰ্যসূচী, ৰোগী চিনাক্তকৰণ, চিকিৎসা আৰু অনুসৰণ ব্যৱস্থাৰ অগ্ৰগতিৰ বিষয়েও বিস্তৃত আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক অধিক উন্নত, সহজলভ্য আৰু গুণগত স্বাস্থ্যসেৱা আগবঢ়োৱাৰ লগতে স্বাস্থ্যসূচকসমূহৰ অধিক উন্নতি সাধনৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰে। লগতে সকলো সঞ্চালকালয় আৰু সংস্থাৰ মাজত সমন্বয় বৃদ্ধি কৰি স্বাস্থ্য ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মনন এছ, অতিৰিক্ত মিছন সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, কাৰ্যবাহী সঞ্চালক ডাঃ অভিজিৎ শৰ্মা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালক কমলজিত তালুকদাৰ আদিকে ধৰি বিভাগীয় বিষয়াসকল, বিভিন্ন প্ৰতিষ্ঠানৰ মুৰব্বী সকল উপস্থিত থাকে।

 

Exit mobile version