গুৱাহাটী,৪ জুনঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ বিতৰ্কিত উপ পৰিদৰ্শক জোনমণি ৰাভা। আৰক্ষী অধীক্ষক গৌতম বৰাই সদৰি কৰিলে এই কথা। তিনিদিন ধৰি আৰক্ষীয়ে মাজুলীৰ গড়মুৰ থানাত মাৰাথন জেৰা চলাইছিল জোনমণি ৰাভাক। তেওঁৰ দুটা বেংক একাউন্টত প্ৰায় ২০ লাখ টকা জমা হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল। প্ৰৱঞ্চনাৰ গোচৰত ভাবি স্বামী ৰাণা পাগাগৰ সৈতে নাম সাঙোৰ খাইছিল জোনমণি ৰাভাৰ।