গুৱাহাটী,৫ জুনঃ আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। দেশৰ অগ্ৰণী আন্তৰ্জাতিক সামাজিক সংগঠন অনুব্ৰত বিশ্ব ভাৰতীৰ গুৱাহাটী শাখা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাছ, মিছন পিছ আদিৰ উদ্যোগত অনুষ্ঠিত গছপুলি ৰোপণ আৰু গছৰ লালন পালন সন্দৰ্ভত এলানি কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকি গছ পুলি ৰোপণ কৰে সময়ে সময়ে প্ৰকৃতিৰ হকে নীৰৱে কৰ্ম সাধন কৰি অহা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। গছপুলি ৰোপণ কৰি নিজৰ বক্তব্যত ডঃ শইকীয়াই কয় যে বৃক্ষ তথা অভয়াৰণ্য হ’ল আমাৰ প্ৰাকৃতিক ভেন্টিলেটৰ। এই প্ৰাকৃতিক ভেন্টিলেটৰৰ সুৰক্ষাৰ দায়িত্ব আমাৰ প্ৰত্যেকৰে। ডঃ শইকীয়াই লগতে কয় যে যদি আমি ভৱিষ্যত প্ৰজন্মৰ কথা সঁচাই চিন্তা কৰোঁ তেতিয়া হলে গছ পুলি ৰোপণৰ লগতে এই গছৰ লালন পালনেৰে সুৰক্ষিত কৰি ৰখাৰ গুৰুদায়িত্ব সকলো শ্ৰেণীৰ লোকে লোৱা উচিত। কেৱল বিশ্ব পৰিৱেশ দিৱসৰ দিনাই গছ পুলি ৰোপন কৰিলে নহ’ব। অন্ততঃ প্ৰতিজন ব্যক্তিয়ে পষেকত দুই চাৰিটা গছ পুলি ৰোপণ কৰাৰ লগতে বৃক্ষ সুৰক্ষাৰ হকে উচিত পদক্ষেপ গ্ৰহণ কৰিলেহে এই দিৱসৰ প্রকৃত মূল্যায়ন কৰা হ’ব। উল্লেখ যে ডঃ দিব্যজ্যোতি শইকীয়াই বিগত দুটা দশকজুৰি সামাজিক সংগঠন “Brothers”, “Mission Peace”, অসম সত্ৰ মহাসভাৰ যুৱ সংগঠন “সমন্বিত যুৱ তীৰ্থ” আদিৰ যোগেৰে নীৰৱে কেইবা হাজাৰ গছ পুলি ৰোপণ কৰি আহিছে।