লখিমপুৰ,৬ জুন ;নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন। কৰ্মৰত অৱস্থাত পাহাৰ শিল , মাটি খহি এজন শ্ৰমিক ঠিতাতে মৃত্যু হয়। প্ৰকল্প স্থলীৰ ২নং টাৰনেলৰ ভিতৰত পাহাৰ শিল, মাটি খহি শ্ৰমিক জনক হেঁচা মাৰি ধৰে আৰু ৰʼড সোঁফালৰ বুকুত সোমাই যায়। জানিব পৰা মতে শ্ৰমিকজন প্ৰেটেল কোম্পানীৰ শ্ৰমিক আছিল। মৃত ব্যক্তিৰ জনৰ নাম জিতু হাতী বৰুৱা। তেওঁৰ ঘৰ গোগামুখৰ পাৰ্বতীপুৰত। শ্ৰমিক জনৰ মৃতদেহ পোষ্টৰ্মটেমৰ বাবে ধেমাজি জিলাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।