গুৱাহাটী,৬ জুনঃ সকলো যোগ্য ব্যক্তিকে সামৰি ১০০ শতাংশ ক’ভিড টিকাকৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে ‘হৰ ঘৰ দস্তক-২’ অভিযান। গুৱাহাটী ক্লাৱ এলেকাস্থিত তাৰিণী চৌধুৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আয়োজিত এক অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই বিশেষ ক’ভিড টিকাকৰণৰ ৰাজ্যজোৰা পষেকীয়া কাৰ্যসূচী উদ্বোধন কৰে। ১২ বছৰ বা ততোধিক বয়সৰ প্ৰতিগৰাকী যোগ্য লোকেই ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় পালিৰ উপৰি সময় মতে সুৰক্ষামূলক তৃতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগে ২০ জুনলৈকে প্ৰত্যেক জিলাতে গাঁৱে-গাঁৱে, চুবুৰীয়ে চুবুৰীয়ে এই অভিযান চলাব। উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝা, স্বাস্থ্যসেৱা আৰু পৰিয়াল কল্যাণ সঞ্চালক কমলজিত তালুকদাৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালিকা ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী, জিলা স্বাস্থ্য সেৱা (মাতৃ আৰু শিশু স্বাস্থ্য)ৰ যুটীয়া সঞ্চালক যদুমনি কাকতি আৰু বিদ্যালয়ৰ অধ্যক্ষ চিত্তৰঞ্জন কলিতাও উপস্থিত থাকে। স্বাস্থ্য মন্ত্ৰী মহন্তই এই বিশেষ ক’ভিড টিকাকৰণ কাৰ্যসূচী উদ্বোধন কৰি কয় যে ক’ভিড অতিমাৰীৰ বিৰুদ্ধে ইয়াৰ প্ৰতিষেধকেই হৈছে একমাত্ৰ সুৰক্ষা কৱচ। ইতিমধ্যে এই কথা আমাৰ সকলোৰে চকুৰ সন্মুখতে সত্য প্ৰমাণিত হৈছে। সময় মতে আমি ক’ভিডৰ দুয়োপালি প্ৰতিষেধক লোৱাৰ বাবেই এইবাৰ ক’ভিডৰ চতুৰ্থ ঢৌৰ পৰা আমি এই পৰ্যন্ত সুৰক্ষিত হৈ আছো বুলি তেওঁ কয়। ক’ভিডৰ পুনৰ সংক্ৰমণৰ আশংকাক যদি আমি সম্পূৰ্ণ ৰূপে অন্ত পেলাব নোৱাৰো, তেন্তে আমাৰ শিক্ষা ব্যৱস্থা, অৰ্থনীতি, স্বাস্থ্যসেৱা খণ্ডকে ধৰি সকলো ক্ষেত্ৰকে ইতিমধ্যে জুৰুলা কৰা এই অতিমাৰীৰ নেতিবাচক প্ৰভাৱৰ পৰা আমি মুক্তি লভাটো জটিল হৈয়ে ৰ’ব। বিকাশৰ গতি পুনৰ ত্বৰান্বিত কৰাৰ লগতে সমাজত পুনৰ পূৰ্বৰ দৰে সম্পূৰ্ণ স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই অনাৰ স্বাৰ্থতে আমাৰ প্ৰত্যেকেই ক’ভিড প্ৰতিষেধকৰ প্ৰথম আৰু দ্বিতীয় পালিৰ উপৰি সময় মতে সুৰক্ষামূলক তৃতীয় পালিও গ্ৰহণ কৰাটো অতি জৰুৰী হৈ পৰিছে বুলি তেওঁ সদৰি কৰে। তেওঁ সকলো যোগ্য লোকেই এতিয়াও বাকী থকা ক’ভিডৰ প্ৰথম, দ্বিতীয় বা তৃতীয় পালি লৈ এই হৰ ঘৰ দস্তক অভিযান সফল কৰিবলৈ আহ্বান জনায়।