লখিমপুৰ,৮ জুন : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত যোৱা ২ জুনত গহপুৰৰ নিবাসী প্রাণে পাটগিৰিৰ সহধর্মিনী কন্যা পাটগিৰিৰ গৰ্ভস্থ সন্তানসহ অতি কৰুণভাৱে মৃত্যু ঘটা ঘটনাক লৈ মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । আজি ঘটনা সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ ওচৰত গোচৰ দাখিল কৰিছে লখিমপুৰ জিলা মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে । উল্লেখ যে ঘটনা সংঘটিত হোৱাৰ পাছত অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত আহি উপস্থিত হৈ ঘটনাৰ বুজ লোৱা সময়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা সমিতিয়ে গর্ভস্থ সন্তানসহ কন্যা পাটগিৰিৰ অনিচ্ছাকৃত হত্যাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ সহ অধ্যাপক ডাক্তৰ ত্রিনয়ন মিলিক তাৎক্ষণিক ভাৱে নিলম্বন কৰি গ্ৰেপ্তাৰৰ দাবী আৰু মৃত কন্যা পাটগিৰি পৰিয়াললৈ ২০ (বিশ) লাখ টকাৰ ক্ষতি পুৰণৰ দাবী জনাইছিল কিন্তু স্বাস্থ্য বিভাগে ডাক্তৰ ত্রিনয়ন মিলিক নিলম্বন কৰিছে যদিও মৃত কন্যা পাটগিৰিৰ স্বামীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আজি পৰ্য্যন্ত গ্ৰেপ্তাৰ নহল । মাত্র ৩ (তিনি) লাখ টকাৰ ক্ষতিপুৰণৰ ঘোষণা চৰকাৰে কৰাৰ লগতে ডাক্তৰ ত্ৰিনয়ন মিলিক নিলম্বিতহে কৰে ।