গুৱাহাটী,৯ জুনঃ মাত্ৰ পাঁচ দিনৰ ভিতৰত ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰি বিশ্ব অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকৰণে। ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত মাত্ৰ ১০৫ ঘণ্টা ৩৩ মিনিট সময়ৰ ব্যাৱধানত ৭৫ কিলোমিটাৰ পথ নিৰ্মাণ কৰি ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কাটাৰৰ নামত থকা পূৰ্বৰ অভিলেখ ভংগ কৰি গ্ৰীনিজ বুক ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এই সফলতাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পুৰ্তিত এই সফলতাৰ বাবে তেওঁ অত্যন্ত সুখী বুলি মনৰ ভাব প্ৰকাশ কৰে। গাডকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সকলো অভিযন্তা, ঠিকাদাৰ, কৰ্মীক নিজৰ কৰ্মদক্ষতাৰে গ্ৰীনিজ বুক ৰেকৰ্ড স্থাপন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
