তিনিচুকীয়া,৯ জুন: ভাৰত চৰকাৰৰ বিত্তীয় সেৱা সঞ্চালকালয়ৰ নিৰ্দেশনা অনুসৰি ২৩ টা সদস্য বেংকৰ সহযোগিতাত পাঞ্জাৱ নেচনেল বেংকৰ মুখ্য জিলা প্ৰৱন্ধকৰ দ্বাৰা তিনিচুকীয়াৰ গোলাপচন্দ-ৰবিচন্দ্ৰ নাট্যমন্দিৰৰ সভাগৃহত বুধবাৰে এখনি ঋণ প্ৰচাৰ অভিযানৰ আয়োজন কৰা হয়।জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ আৰু অতিৰিক্ত উপায়ুক্ত ছৰফ্ৰাজ হ’ক মহোদয়ে এই ঋণ প্ৰচাৰ অভিযানৰ শুভউদ্বোধন কৰে। অনুষ্ঠানত নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰৱন্ধক, ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰৱন্ধক, নগৰীয়া জীৱিকা অভিযানৰ নগৰীয়া প্ৰকল্প প্ৰৱন্ধক, বিত্তীয় সেৱা বিভাগৰ বিষয়া, জিলা বন বিষয়া, পশুপালন বিভাগৰ বিষয়া তথা নেচনেল চেম্বাৰচ অব কমাৰ্চৰ সচিব উপস্থিত থাকে। মুখ্য জিলা প্ৰৱন্ধক প্ৰলয় ভৌমিকে ২০২১-২২ বিত্তীয় বৰ্ষৰ সম্পাদিত কাৰ্য্য, কৃষি শস্য, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ লগতে অন্যান্য ঋণ সন্দৰ্ভত ব্ক্তব্য আগবঢ়ায়। ভাৰত চৰকাৰে আৰম্ভ কৰা জনসুৰক্ষা আচঁনিখনৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰাৰ লগতে এন.পি.এ ত জিলা খনৰ স্থানৰ বিষয়েও নিজ ভাষণত উল্লেখ কৰে।জিলাপৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈয়ে সৰ্ব-সাধাৰণ লোকৰ বিকাশৰ বাবে চৰকাৰে ৰূপায়ন কৰা বিভিন্ন আঁচনি সন্দৰ্ভত বিতংকৈ উল্লেখ কৰে। অতিৰিক্ত উপায়ুক্ত হ’ক মহোদয়ে কৃষি অৰ্থনীতি, কে. চি. চি তথা ভাৰত চৰকাৰৰ অন্যান্য আচঁনিসমূহৰ বিষয়ে নিজ ভাষণত উল্লেখ কৰে। আজিৰ অনুষ্ঠানতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ আৰু অতিৰিক্ত উপায়ুক্ত মহোদয়ে বিভিন্ন বেংকৰ অনুমোদন পত্ৰ বিতৰণ কৰে। অতিৰিক্ত উপায়ুক্ত ছৰফ্ৰাজ হ’কে অনুমোদন পত্ৰ লাভ কৰা সকলোকে বেংকৰ পৰা লাভ কৰা ঋণৰ সদ্ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। আজিৰ অনুষ্ঠানত কে.চি.চিবা, অনান্য কৃষি ক্ষেত্ৰ, আত্মসহায়ক গোট আৰু অতি ক্ষুদ্ৰ,ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বাবে অনুমোদন পত্ৰ বিতৰণ কৰা হয়।