গুৱাহাটী,১৩ জুনঃ পুনৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত। তিৰুহিলছ বনাঞ্চলত বেদখল সশস্ত্ৰ নগাৰ। বিভিন্ন সময়ত নগাৰ অতপালি দেখিবলৈ পোৱা যায়। এইবাৰ তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ ৰণখাম সেউজ ভূমিত অগ্নি সংযোগ কৰি বস্তি স্থাপনৰ যো জা চলাইছে নগাই। যি সময়ত দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ ক্ষেত্ৰত আলোচনা চলি আছিল সেই সময়তে নগা দুৰ্বৃত্তই তাণ্ডৱ চলাইছে অসম-নাগালেণ্ড সীমান্তত। জানিব পৰা মতে তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ ৰণখামৰ সমীপত নগাই সেউজ বনভূমি নিমিষতে উচন কৰি অসমৰ ভূমিত নতুন বস্তি স্থাপনৰ যো জা কৰিছে। ইয়াৰ পিছতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সীমান্তত। ৰণখামৰ বিৰলা আলিৰ কাষতে থকা তিৰুহিলচ বনাঞ্চলত কিছুদিন পূৰ্বে নগাই অগ্নিসংযোগ কৰি বেদখলীকৃত ভূমিত চাহ পুলি ৰোপন কৰিছিল যদিও বনবিভাগে চাহ বাগান উচ্ছেদ কৰিছিল। কিন্ত পুনৰ অসমৰ ভূমিত সশস্ত্ৰ নগাই আৰম্ভ কৰিছে অবাধ বেদখল।বেদখলীকৃত ভূমিত টঙীঘৰ নিৰ্মাণ কৰি তামোলৰ বাৰী স্থাপন কৰি অসমৰ বনাঞ্চলত নিজৰ খোপনি সুদৃঢ় কৰিছে। কিন্ত ইমানৰ পিছতো নিলিপ্ত হৈ আছে অসমৰ বনবিভাগ ।