গুৱাহাটী,১৫ জুনঃ ভয়াৱহ কৃত্রিম বান আৰু ভূমিস্খলনৰ কৱলত পৰা গুৱাহাটী মহানগৰীত আশ্ৰয় শিবিৰ তথা সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিব লগীয়া হৈছে। কৃত্রিম বানৰ কৱলত থকা গুৱাহাটীত বিগত দুদিন ধৰি স্বাভাৱিক জীৱনযাত্রা প্ৰায় ব্যাহত হৈ পৰিছে। গুৱাহাটীত শেহতীয়া কৃত্ৰিম বান আৰু ভূমিস্খলনৰ বাবে জিলা প্ৰশাসনে মুকলি কৰা সকলো সাহাৰ্য তথা আশ্ৰয় শিবিৰত তাৎক্ষণিক ভাৱে জৰুৰী চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনা অনুসৰি জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত সকলো মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু মাণ্ডলিক তত্বাৱধায়ক তেওঁলোকৰ নিজ এলেকাত জিলা প্ৰশাসনে মুকলি কৰা এনে আশ্ৰয় তথা বানসাহাৰ্য শিবিৰত আজিৰে পৰাই দিনে নিশাই ভূমিস্খলন আৰু বান-দুৰ্গত লোকসকলক দিনে-নিশাই চিকিৎসা সেৱা আগঢ়োৱাৰ বাবে চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দল নিয়োজিত কৰাৰ দায়িত্ব ন্যস্ত কৰিছে। স্বাস্থ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ আধাৰত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে আজি জাৰি কৰা নিৰ্দেশটোত শিবিৰত থকা লোকসকলৰ বাবে প্ৰয়োজনীয় ঔষধ আদি বিনামূলীয়াকৈ উপলব্ধ কৰাবলৈও মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু মাণ্ডলিক তত্বাৱধায়কসকললৈ নিৰ্দেশনা আগবঢ়াইছে। প্ৰয়োজন সাপেক্ষে শিবিৰসমূহত অতিৰিক্ত সংখ্যক চিকিৎসক-স্বাস্থ্যকৰ্মীও নিয়োজিত কৰিবলৈ কামৰূপ (মহানগৰ) জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকক স্বাস্থ্যমন্ত্ৰী মহন্তই নিৰ্দেশ দিছে। উল্লেখ যে মহানগৰীৰ ৰাজগড়স্থিত ৰাষ্ট্ৰভাষা প্ৰভাকৰ হিন্দী বিদ্যালয়ত আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে।