গুৱাহাটী,১৫ জুনঃ নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ বহু স্থানত বৰ্তমানো ভূমিস্খলন আৰু কৃত্ৰিম বানপানীৰ ভয়াৱহতা অব্যাহত আছে। যাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে গুৱাহাটীবাসীলৈ পুনৰ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। বানৰ কৱলত পৰা মহানগৰবাসীক সহায়ৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা সকলো সতৰ্ক হৈ আছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তই। মঙলবাৰে মহানগৰৰ পৰিস্থিতি চাই স্কুল কলেজ বন্ধ দিয়া হৈছিল। যদি পৰিস্থিতি আৰু বেয়া হয় তেতিয়া পুনৰ সিদ্ধান্ত লোৱা হ’ব। গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা ভূমিস্খলনৰ খবৰ পোৱাৰ পৰিপ্ৰেক্ষিতত সকলো জনসাধাৰণক উপযুক্ত সাৱধানতা অৱলম্বন কৰিবলৈ আৰু অতি প্ৰয়োজনীয় নোহোৱালৈকে বাহিৰলৈ নোলাবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰামৰ্শ দিয়া হৈছে। যিকোনো জৰুৰী অৱস্থাৰ বাবে ফিল্ড অফিচাৰ গুৱাহাটী (DDMA) ক ৯৭০৭৭-২৭৪২২ অথবা দিছপুৰ ফিল্ড অফিচাৰ দিছপুৰ (DDMA) ক ৮৮৭৬০-৮৬৪৮৮ নম্বৰত অথবা প্ৰশাসনৰ ট’ল ফ্ৰী নং ১০৭৭/৯৩৬৫৪-২৯৩১৪ নম্বৰত যোগাযোগ কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে৷