লখিমপুৰ,১৬ জুন : কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিং হায় হায়, বিজেপি চৰকাৰ হায় হায়, ৰাজকুমাৰ সিং মুর্দাবাদ, এন এইচ পি চি গ’বেক, বৃহৎ নদীবান্ধ বন্ধ কৰক, নৰেন্দ্ৰ মোডী হায় হায়, নামনি সোৱণশিৰি জল বিদ্যুৎ প্রকল্প বিৰোধী দল-সংগঠনৰ বিৰুদ্ধে ৰাজকুমাৰ সিঙে কৰা মন্তব্যৰ ক্ষমা খোজক আদি শ্ল’গানেৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে আজি লখিমপুৰৰ ৰাজপথ কঁপাই তোলে। যুৱ-ছাত্ৰ পৰিষদৰ একাংশ নেতা-কর্মীয়ে আজি উত্তৰ লখিমপুৰ নগৰৰ গাৰ্লছ ৰোড চাৰিআলিত সমবেত হৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ ৰাজকুমাৰ সিঙৰ পুত্তলিকা দাহ কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে যোৱা ১৪ জুনত কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিং নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত উপস্থিত হৈ বান্ধ বিৰোধী দল-সংগঠন, এন. জি. অ’ৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছিল। শক্তি মন্ত্রী জনে সেই দিনা কয় যে বিদেশী পুঁজিৰে নামনি সোৱণশিৰি বান্ধ বিৰোধী আন্দোলন চলিছিল। এন. জি. অ’ৰ জৰিয়তে বিদেশৰ পৰা অহা পুঁজিৰে এই বান্ধ বিৰোধী আন্দোলন চলাই নিছিল বুলি কেন্দ্রীয় মন্ত্ৰী জনে কৰা মন্তব্যত সম্প্ৰতি লখিমপুৰ-ধেমাজিত বিভিন্ন দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰ বাবে আজি দুপৰীয়া জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে লখিমপুৰ নগৰত মন্ত্ৰীজনৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।