লখিমপুৰ,১৬ জুন: অসম অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখৰ ২০০০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ লগতে শক্তি গৃহ পৰিদৰ্শন কৰি কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিং আৰু কেন্দ্ৰীয় শক্তি বিভাগৰ সচিব আলোক কুমাৰে চলিত বৰ্ষৰ ডিচেম্বৰ আৰু ২০২৩ বৰ্ষৰ জানুৱাৰীত প্ৰকল্পটোৱে পাঁচশ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব বুলি কয়। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে . ধেমাজি প্রশাসনিক ভৱনত এখন বৈঠকতো মিলিত হয়। মন্ত্ৰীগৰাকীয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন হ’ব বুলি উল্লেখ কৰি কয় যে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৫৮ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা ক্ষমতা আছে। ইয়াৰে ৫০ শতাংশ লাভ কৰিলে অৰুণাচল প্ৰদেশ অর্থনৈতিকভাৱে সবল হ’ব বুলিও উল্লেখ কৰে। দেশৰ উন্নতিৰ কাৰণে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দৰে বৃহৎ বান্ধৰ প্ৰয়োজন বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। লগতে তেওঁ জিলাখনৰ বৰদলনি উন্নয়ন খণ্ডৰ ৰূপায়িত বিভিন্ন আঁচনিৰ ৰূপায়ণ প্রধানমন্ত্রী আৱাসগৃহৰ হিতাধিকাৰীসকলৰ আৱাসগৃহ পৰিদৰ্শন কৰে। গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত বুঢ়াকুৰি গাঁৱৰ পি এম কিষাণ হিতাধিকাৰীৰ সৈতে তেওঁ মত বিনিময় কৰে। দুদিনীয়া ভ্ৰমণ সূচীৰে ধেমাজিলৈ অহা কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙে ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত এখন হিতাধিকাৰী সন্মিলনত অংশগ্ৰহন কৰে । ইফালে ধেমাজিত অনুষ্ঠিত এক সংবাদমেলত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় শক্তি মন্ত্রী ৰাজকুমাৰ সিঙে কয় যে সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত বিদ্যুৎ উৎপাদন হ’লে অসমে মাত্র দুই-তিনি শতাংশ বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিব। অৰুণাচলৰ নদীসমূহত যদি বিদ্যুৎ উৎপাদনৰ বাবে নদীবান্ধ নিৰ্মাণ কৰা হয় তেন্তে অসমত প্ৰতিবছৰে হৈ থকা বানপানীৰ সমস্যাটো সমাধান হ’ব বুলি সংবাদমেলত অৱগত কৰে। উক্ত বিষয়টো অৰুণাচল চৰকাৰৰ লগত আলোচনা কৰা বুলি অৱগত কৰি এইবাৰ বাজেটত সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ বাবে ৩০০ কোটি টকা ধাৰ্য কৰা বুলি কয়। সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নামনি অংশসমূহত সু-ব্যৱস্থা কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয় অৱগত কৰে। মন্ত্ৰী গৰাকীয়ে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা অসমে পাব ২-৩ শতাংশ বিদ্যুৎ লাভ কৰিব বুলি কয় । সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নামনি অংশসমূহত সু-ব্যৱস্থা কৰা হ’ব বুলিও অৱগত কৰে।নদী বান্ধ বিৰোধী আন্দোলন বিদেশী পুঁজিৰে চলিছিল বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ আৰ. কে. সিঙে কৰা মন্তব্যক লৈ লখিমপুৰ-ধেমাজিত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে । ‘বিদেশী পুঁজিৰে চলিছিল নদীবান্ধ আন্দোলন’ বুলি কালি কৰা মন্তব্যক লৈ লখিমপুৰ ধেমাজিত সম্প্ৰতি জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন। দল-সংগঠনৰ বিৰুদ্ধে কৰা মন্তব্যত জাঙুৰ খাই উঠিছে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰৰ নেতৃবৃন্দই এই সন্দৰ্ভত কেন্দ্ৰীয় শক্তি মন্ত্ৰীক প্রত্যাহবান জনাই কয় যে বিদেশী পুঁজিৰে বান্ধৰ বিৰুদ্ধে আন্দোলন চলোৱাৰ যদি কিবা প্রমাণ আছে তেনেহ’লে সেয়া শক্তি মন্ত্ৰীয়ে তথ্য সহকাৰে ৰাজহুৱা কৰক। এই মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰি আজি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ধনমনি দত্তই কয় যে শক্তি মন্ত্ৰীয়ে গণতান্ত্রিক আন্দোলনক তচনচ কৰাৰ বাবে কালি যি মন্তব্য কৰিছে তাক আমি কোনোপধে৷ মানি নলও। তেওঁ এনে মন্তব্যক আমি গৰিহনা দিছো। ২০১০ চনত ৰাজনাথ সিঙে অসমলৈ আহি বান্ধৰ বিৰুদ্ধে কথা কৈছিল আৰু আন্দোলন কৰিছিল। তেওঁ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে মন্তব্য আগবঢ়োৱাৰ লগতে বিশেষজ্ঞ সমিতিয়েও ভূ-কম্প অঞ্চলটোত বৃহৎ নদীবান্ধ সম্ভৱ নহয় । চূড়ান্ত প্রতিবেদন দিছিল। আমাৰ স্পষ্ট দাবী নামনি অঞ্চলৰ সুৰক্ষা নিশ্চিত নোহোৱা পর্যন্ত বান্ধৰ বিৰোধিতা কৰি যাম। শক্তি মন্ত্ৰী গৰাকীয়ে বিশেষজ্ঞ সমিতির প্রতিবেদন অধ্যয়ন কৰাৰ প্রয়োজনীয়তা আছে। ভাৰতৰ বিভিন্ন ঠাইত বৃহৎ নদীবান্ধে কেনেদৰে বিভিষীকাৰ সৃষ্টি কৰিছে সেয়া শক্তি মন্ত্ৰীয়ে দেখি শুনিও এতিয়া এন. এইচ. পি. চি.ৰ সপক্ষে মাত মাতিছে। এই কথাত আমি কেতিয়া সম্মতি দিব নোৱাৰো। একেদৰে আজি শক্তি মন্ত্ৰীজনৰ মন্তব্যৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা সৌৰভ পাসে তীব্র প্রতিক্রিয়া প্রকাশ কৰে। তেওঁ কয় ২০০৮ চনৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে। ভৱিষ্যতে ধ্বংস লীলা সৃষ্টি কৰিব পৰা আৰু জৈৱ বৈচিত্র্য ধ্বংস কৰিব পৰা এন. এইচ পি. চি.ৰ দৰে বৃহৎ নদীবান্ধ আমাক কোনো কাৰণতে নালাগে। যদি আমি বিদেশী পুঁজিৰে আন্দোলন কৰিছো তেনেহ’লে শক্তি মন্ত্ৰীৰ হাতত যদি কিবা তথ্য আছে তাক ৰাজহুৱা কৰক। অন্যথা শক্তি মন্ত্রীয়ে এনে মন্তব্য সন্দৰ্ভত ক্ষমা খোজিব লাগিব। আমাৰ সভ্যতা-সংস্কৃতি, দেশ আৰু জাতিৰ স্বাৰ্থত আমি সদায় মাত মাতি আহিছে৷ আৰু ভৱিষ্যতেও মাত মাতি যাম। বান্ধ বিৰোধী আমাৰ নেতা কৰ্মীক তেওঁলোকে জেলত ভৰাই আমাৰ আন্দোলনক কেতিয়াও নিঃশেষ কৰিব নোৱাৰিব বুলি দামে শক্তি মন্ত্রী তথা কেন্দ্রীয় চৰকাৰক এক প্ৰকাৰে সকীয়াই দিয়ে। বি. জে. পি. চৰকাৰেহে এন. এইচ. পি. চি.ৰ পৰা ধন লৈ বান্ধৰ সপক্ষে থিয় দিছে বুলি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় নেতাজনে তীব্র অভিযোগ উত্থাপন কৰে। আমাৰ গণতান্ত্রিক আন্দোলনক ফেচিবাদী পন্থাৰে কেতিয়াও মষিমূৰ কৰিব নোৱাৰিব বুলি তেওঁ ব্যক্ত কৰে।
Home অসম আৰু উত্তৰপূব নদীবান্ধ বিৰোধী আন্দোলনকলৈ কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজ কুমাৰ সিঙে কৰা মন্তব্যক লৈ...