তিনিচুকীয়া,১৮ জুনঃ তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা। ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টা সময় নোহোৱাৰ আগতেই নিউ কলনীৰ পৰা সোণৰ গহণা লৈ উধাও হোৱা লোক কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তিনিচুকীয়া চহৰৰ নিউ কলনীৰ নিবাসী কাজল দত্তৰ বাসগৃহত শুকুৰবাৰে দিনৰ প্ৰায় দুই বজাত AS-23-AD-6223 নম্বৰৰ এখন মটৰচাইকেলত অহা দুজন অচিনাকি ব্যক্তিয়ে কাজল দত্তৰ সহধৰ্মিনী অকলে থকাৰ সুযোগ লৈ প্ৰথমে কাঁহৰ বাচন-বৰ্তন চাফা কৰে আৰু তাৰ পৰবৰ্ত্তী সময়ত দুই যুৱকে কাজল দত্তৰ সহধৰ্মিনীয়ে পৰিধান কৰা সোণৰ গহণা চাফা কৰিব বিচাৰি গহণা লৈ উধাও হয়। ততাতৈয়াকে ওচৰ-চুবুৰীয়াই আৰক্ষী প্ৰশাসনক খবৰ দিয়াত আৰক্ষীত লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখি নিশাৰ ভাগত উক্ত ঘটনাৰ লগত জড়িত ৬ জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তেওঁলোক হৈছে অমিত কুমাৰ সাহ (২৭), সুবাস কুমাৰ (১৮), সুমিত কুমাৰ গুপ্তা (২৪), গৌতম কুমাৰ(৩১), লাডু ছাহ(৩৪) আৰু শিৱ কুমাৰ (১৮)। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ঘটনাৰ লগত জড়িত গোটেই কেইগৰাকী ব্যক্তি বাহিৰৰ ৰাজ্যৰ।